অসম

assam

ETV Bharat / videos

এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ LIVE - ADVANTAGE ASSAM 2

🎬 Watch Now: Feature Video

By ETV Bharat Assamese Team

Published : Feb 26, 2025, 2:28 PM IST

Updated : Feb 26, 2025, 2:54 PM IST

আজি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এডভান্টেজ আছাম ২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন ২০২৫ ৰ দ্বিতীয় দিন ৷ আজি সন্মিলনত বিভিন্ন খণ্ডৰ মূল বিনিয়োগৰ সুযোগসমূহৰ ওপৰত আলোচনা কৰা হ’ব । 'অসমৰ শক্তি সম্ভাৱনা মুকলি কৰা: ভৱিষ্যতৰ বাবে সাজু তেল আৰু গেছৰ আন্তঃগাঁথনি নিৰ্মাণ' শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হ’ব ৷ এই সন্মিলনত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ, পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰী, জল পৰিবহন মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশ ল’ব ৷ সন্মিলনৰ পূৰ্বে মুখ্যমন্ত্ৰী শৰ্মাৰ উপস্থিতিত আজি কেইবাখনো বুজাবুজি চুক্তিত স্বাক্ষৰ কৰা হয় ৷ সন্মিলনৰ প্ৰথম দিনাও দেশ-বিদেশৰ উদ্যোগ প্ৰতিষ্ঠান আৰু উদ্যোগীয়ে অসম চৰকাৰৰ সৈতে বিনিয়োগৰ বাবে ১৬৪ খন বুজাবুজি চুক্তি স্বাক্ষৰ কৰে । 
Last Updated : Feb 26, 2025, 2:54 PM IST

ABOUT THE AUTHOR

...view details