অসম

assam

শান্তি চুক্তিৰ প্ৰতিটো দফাই ডিচেম্বৰৰ ভিতৰত কাৰ্যকৰী কৰাৰ দাবী - ABSU On Peace Accord implementation

By ETV Bharat Assamese Team

Published : Sep 15, 2024, 8:12 PM IST

এবছুৰ সভাপতি দ্বীপেন বড়ো (ETV Bharat Assam)

ওদালগুৰি, ১৫ ছেপ্টেম্বৰ: "ৰাজনীতিৰ লাভালাভলৈ বাট নাচাই বড়ো জাতীয়তাবাদৰ স্বাৰ্থত দুয়োটা আঞ্চলিক দল ইউপিপিএল-বিপিএফ একগোট হ'লে সুদৃঢ় হ'ব বড়ো জাতীয়তাবাদ । শান্তি চুক্তিৰ প্ৰতিটো দফাই ডিচেম্বৰৰ ভিতৰতেই হ'ব লাগে কাৰ্যকৰী ৷"

এই মন্তব্য় এবছুৰ সভাপতি দ্বীপেন বড়োৰ । ওদালগুৰিৰ গেলাবিলত এবছুৰ ওৰাং আঞ্চলিক সমিতিৰ উদ্য়োগত অনুষ্ঠিত ৪র্থ বড়োলেণ্ড শ্বহীদ ট্রফী ফুটবল টুৰ্ণামেণ্টৰ আৰম্ভণি অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে এবছুৰ সভাপতিগৰাকীয়ে ।

আনহাতে, বড়ো শান্তি চুক্তিৰ প্রতিটো দফা কাৰ্যকৰীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হোৱাৰ কথাও দোহাৰে এবছুৰ সভাপতিগৰাকীয়ে। বিটিআৰৰ সীমা সম্প্ৰসাৰণ,গাঁও অন্তৰ্ভুক্তকৰণ, বিটিআৰৰ ৪০ টা সমষ্টিৰ বিপৰীতে ৬০ টা সমষ্টি ,বি টি আৰৰ উন্নয়ন, শ্বহীদ পৰিয়ালক আর্থিক অনুদানৰ লগতে এনডিএফবিৰ জেলত থকা নেতৃবৃন্দক উলিয়াই অনা আদি বহু বিষয়ক লৈ কেন্দ্রীয় চৰকাৰৰে এবছুৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা অবগত কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক:ইউ পি পি এল-বি পি এফক একত্ৰিত হোৱাৰ আহ্বান এবছুৰ সভাপতিৰ - ABSU President on BTR Politics

এবছুৰ সমৰ্থন এনডিএৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীলৈ; হাগ্ৰামাকো ক'লে যুঁজ এৰি কৰক সমৰ্থন - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details