সমস্যা সমাধান নহ'লে লোকসভা নিবাৰ্চনত ভোট বৰ্জনৰ হুংকাৰ আটছাৰ - lok sabha elections
Published : Mar 20, 2024, 9:55 AM IST
মেৰাপানী, ২০ মাৰ্চ : আগন্তুক লোকসভা নিবাৰ্চনত ভোট বৰ্জনৰ হুংকাৰ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আটছাৰ । ৰাজেশ বাজাজ গ’ বেক, হিমন্ত বিশ্ব শৰ্মা গ’ বেক ধ্বনিৰে উত্তাল জামুগুৰি চাহ-বাগিচা । আটছা আৰু চাহ মজদুৰ সংঘই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।
এপেক্স বেংকৰ কেলেংকাৰীত নাম সাঙোৰ খোৱা ৰাজেশ বাজাজ মালিকনাধীন গোলাঘাটৰ জামুগুৰি চাহ-বাগিচাৰ শ্ৰমিকসকলক দীৰ্ঘ দিন ধৰি প্ৰাপ্যৰ পৰা বঞ্চিত কৰি বাগিচাখন বন্ধ কৰি দিয়াক লৈ ক্ষুদ্ধ হৈ পৰিছে শ্ৰমিকসকল ।
বিষয়টো সন্দৰ্ভত আটছাই গোলাঘাট জিলা প্ৰশাসনক লিখিত অভিযোগ দিয়াৰ পাচতো কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত জামুগুৰি চাহ-বাগিচাত আটছাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ৰাজেশ বাজাজৰ বিৰুদ্ধে সৰৱ হৈ পৰে । লগতে আগন্তুক লোকসভা নিবাৰ্চনত ভোট বৰ্জন অথবা বিজেপি চৰকাৰৰ বিপক্ষে থিয় দিয়াৰ কথাও উল্লেখ কৰে ।
লগতে পঢ়ক :নৰেন্দ্ৰ মোদী পুনৰ ক্ষমতালৈ আহিলে গণতন্ত্ৰ চিৰদিনলৈ নিঃশেষ হ'ব: নাগৰিক সমাজ