অসম

assam

By ETV Bharat Assamese Team

Published : Aug 22, 2024, 3:52 PM IST

ETV Bharat / videos

ছিপাঝাৰত অনা অসমীয়া বেদখলকাৰীৰ আক্ৰমণত আহত খিলঞ্জীয়া লোক - AASU protest in Sipajhar

মঙলদৈ, ২২ আগষ্ট: দৰং জিলাৰ ছিপাঝাৰৰ ৰাম সিং চাপৰিৰ চৰকাৰী চৰণীয়া ভূমিত ম'হ চৰাবলৈ গৈ বুধবাৰে বিয়লি অবৈধ বেদখলকাৰী অনা অসমীয়াৰ আক্ৰমণৰ সন্মুখীন হয় ম’হ গোৱাল তথা দক্ষিণ পশ্চিম গোৱাল সন্থাৰ সম্পাদক সত্য ৰাজবংশী । বহিৰাগত বিহাৰী সম্প্ৰদায়ৰ লোকৰ দলৱদ্ধ আক্ৰমণত কোনোমতে প্ৰাণৰক্ষা কৰি পলাই আহে সত্য ৰাজবংশী । অৱশ্যে এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৰাজবংশী ৷

এই ঘটনাক লৈ বৃহস্পতিবাৰে উত্তপ্ত হৈ পৰে ছিপাঝাৰৰ লগতে সমগ্র দৰং জিলা । এই আক্ৰমণৰ ঘটনাৰ উচিত তদন্ত আৰু বেদখলকাৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীত জিলা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজে ছিপাঝাৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

ইফালে ঘটনা সন্দৰ্ভত আক্ৰমণকাৰীৰ বিৰুদ্ধে নিশাই এজাহাৰ দাখিল কৰে আহত সত্য ৰাজবংশীয়ে । প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়া মতে, একাংশ অনা অসমীয়া বেদখলকাৰীয়ে ইতিপূৰ্বেও কেইবাবাৰো আক্ৰমণ কৰিছে খিলঞ্জীয়া লোকক । বেদখলকাৰীৰ বিৰুদ্ধে ছিপাঝাৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু কুৰুৱা আঞ্চলিক ছাত্ৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে যদিও প্ৰশাসনে এইক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক: শিলসাঁকোৰ উচ্ছেদিতক পুনৰ সংস্থাপনৰ সিদ্ধান্ত নল’লে ভয়াৱহ প্ৰতিবাদৰ হুংকাৰ

ABOUT THE AUTHOR

...view details