হাত-পদুম এৰি টেঙাখাতত কেইবা শতাধিক ৰাইজে ধৰিলে ঝাড়ু - ৰাজনৈতিক কুছকাৱাজ
Published : Mar 4, 2024, 2:05 PM IST
|Updated : Mar 4, 2024, 2:11 PM IST
ডিব্ৰুগড়, 4 মাৰ্চ : লোকসভা নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । বিজেপিৰ বিৰুদ্ধে ৰাজ্যত গঠন হোৱা বিৰোধী ঐক্যত অন্তৰ্ভূক্ত দলসমূহেও সমষ্টিয়ে সমষ্টিয়ে সাংগঠনিক কামকাজ কৰাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে ।
ইয়াৰে সমান্তৰালভাৱে বিৰোধী ঐক্যত চামিল হোৱা আপ, অসম জাতীয় পৰিষদে প্ৰাৰ্থিত্ব দিব খোজা কেইবাটাও সমষ্টিত চলাইছে ৰাজনৈতিক কুছকাৱাজ । ইয়াৰ মাজতে টেঙাখাতত দেওবাৰে বিয়লি হাত পদুম এৰি কেইবা শতাধিক ৰাইজে যোগদান কৰিলে আম আদমি দলত ।
কংগ্ৰেছ দলৰ পৰা ক্ৰমে ধৰীয়া দীঘলীয়া গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী অঞ্জলী ভেংৰা, প্ৰাক্তন মণ্ডল সভাপতি উমাকান্ত ভূমিজ ,শ্যামল টুৰ্টী হাৰাধন, মাটিয়েখানা প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্য জ্যোতিশ শেনচোৱা, প্ৰাক্তন ৱাৰ্ড সদস্য ৰাম সিং গুৰিয়া, বিজেপিৰ ডিব্ৰুগড় জিলাৰ প্ৰাক্তন সাংগঠনিক সম্পাদক মিলন দাস , বিশিষ্ট সমাজ সেৱক দীপক গগৈ, ৰবিন গগৈ গাৰ্বেল কেৰ্কেটা, অজিত গঁড় আদি শতাধিক পুৰুষ মহিলাই আম আদমি পাৰ্টীত যোগদান কৰে ।
লগতে পঢ়ক : কেজৰিৱালৰ পত্ৰ লৈ অসমবাসীৰ ঘৰে-ঘৰে আম আদমি পাৰ্টী