ডাঙৰীৰ পঞ্চ শ্বহীদৰ 30 সংখ্যক মৃত্যু তিথি - ভাৰতীয় সেনা
Published : Feb 22, 2024, 10:01 PM IST
তিনিচুকীয়া, ২২ ফেব্ৰুৱাৰী: ভাৰতীয় সেনাৰ নিৰ্মম অত্যাচাৰৰ বলি হৈ ১৯৯৪ চনৰ আজিৰ দিনটোতেই তিনিচুকীয়া জিলাৰ বৃহত্তৰ ডাঙৰী অঞ্চলৰ পাঁচজনকৈ সুঠাম যুৱকে মৃত্যুক আঁকোৱালি লৈছিল । সেই সময়ৰ সদৌ অসম ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্য প্ৰবীণ সোণোৱাল, অখিল সোণোৱাল, প্ৰদীপ দত্ত, দেৱজিত বিশ্বাস আৰু ভবেন মৰাণ নামৰ সক্ৰিয় সদস্যকেইজনে ভাৰতীয় সেনাৰ বৰ্বৰ অত্যাচাৰত মৃত্যুবৰণ কৰিছিল। পৰৱৰ্তী সময়ত সদৌ অসম ছাত্ৰ সন্থাই পাঁচজন সদস্যক শ্বহীদ ঘোষণা কৰিছিল ৷ তাৰ পিচৰে পৰা প্ৰতি বছৰে ২২ ফেব্ৰুৱাৰীৰ দিনটোত সদৌ অসম ছাত্ৰ সন্থাই ডাঙৰীৰ পঞ্চ শ্বহীদৰ সমাধি ক্ষেত্ৰত বাৰ্ষিক শ্ৰাদ্ধ অনুষ্ঠিত কৰি আহিছে ।
আজিৰ এই বাৰ্ষিক শ্ৰাদ্ধৰ দিনটোত তিনিচুকীয়া জিলা আছুৰ নৱনিৰ্বাচিত সভাপতি সত্য বৰগোঁহাই আৰু সাধাৰণ সম্পাদক প্ৰতিম নেওগে পঞ্চ শ্বহীদক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু শ্বহীদৰ পৰিয়ালৰ উচিত ক্ষতিপূৰণৰ দাবী জনায় । পঞ্চ শ্বহীদৰ পৰিয়ালৰ লোকেও চৰকাৰৰ পৰা শীঘ্ৰে যাতে সংস্থাপন আৰু ক্ষতিপূৰণ লাভ কৰে্ তাৰ বাবে আহ্বান জনায় ৷ অন্যথা অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ডাঙৰী আঞ্চলিক ছাত্ৰ সন্থাই ৷
লগতে পঢ়ক: অসমতো কেজৰিৱাল; ১ মাৰ্চৰ পৰা ৰাজ্যত আপৰ নিৰ্বাচনী অভিযান