অসম

assam

By ETV Bharat Assamese Team

Published : Jun 24, 2024, 8:29 AM IST

ETV Bharat / videos

বকোৰ দুটা পৃথক স্থানত উদ্ধাৰ দুটাকৈ মৃতদেহ - Dead Body Recovered

বকো, 24 জুন : বকোৰ দুটা পৃথক স্থানত দেওবাৰে উদ্ধাৰ হয় দুটাকৈ মৃতদেহ । জানিব পৰা মতে, বকোৰ হাহিমৰ সমীপৰ মেঘালয় আৰেডঙাত শনিবাৰে সমনীয়াৰ সৈতে ফুৰিবলৈ গৈ সন্ধানহীন হৈ পৰে এজন যুৱক । কামৰূপ জিলাৰ ছয়গাঁৱৰ মিলনপুৰ গাঁৱৰ 5 জন যুৱকে বকোৰ সমীপৱৰ্তী মেঘালয়ৰ আৰেডঙাৰ এটা নদীত গা ধুবলৈ যায় যদিও ধ্ৰুৱজ্যোতি কলিতা (21) নামৰ যুৱকজন পানীত পিচলি পৰি সন্ধানহীন হৈ পৰে ।

লগে লগে স্থানীয় ৰাইজ তথা মেঘালয় আৰক্ষীয়ে সন্ধানত নামি পৰে যদিও দেওবাৰৰ পুৱাহে মেঘালয়ৰ 'চাৰ্ছ এণ্ড ৰেচকিউ' দলে ধ্ৰুৱজ্যোতি কলিতাৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ মেঘালয় আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে পশ্চিম খাচি পাহাৰ জিলাৰ নংষ্টিইনলৈ প্ৰেৰণ কৰে । 

আনহাতে, বকোৰ পাঠশালাকোঠত স্থানীয় ৰাইজ আৰু বকো আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হয় আন এটা মৃতদেহ । বকো নৈত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু তাৎক্ষণিকভাবে বকো আৰক্ষীক খবৰ দিয়াত উদ্ধাৰ কৰা হয় মৃতদেহটো । মৃতদেহটো বকো ডাকুৱাপাৰাৰ দেৱকান্ত ৰাভা (50) বুলি জানিব পৰা গৈছে ।

শনিবাৰে বকো সাপ্তাহিক বজাৰলৈ যোৱাৰ পৰাই দেৱকান্ত ৰাভা সন্ধানহীন হৈ আছিল বুলি পৰিয়ালৰ লোকে জনায় । বকো নৈ পাৰ হৈ বজাৰলৈ যোৱাৰ সময়ত উটি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে বকো আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক: কোনে পুখুৰীত দলিয়ালে আজিজৰ 40 দিনীয়া দেৱ শিশুটিক ?

ABOUT THE AUTHOR

...view details