অসম

assam

ETV Bharat / videos

সৰুপথাৰতো গঠন হ'ল ঐক্যমঞ্চ: ২৪ ঘণ্টাৰ সময়সীমা ধৰি দিলে কাক ? - SIGNBOARD IN ASSAMESE LANGUAGE - SIGNBOARD IN ASSAMESE LANGUAGE

By ETV Bharat Assamese Team

Published : Sep 3, 2024, 9:53 PM IST

সৰুপথাৰ,৩ ছেপ্টেম্বৰ: শিৱসাগৰত অসমীয়া লোকক অনা-অসমীয়া লোকে প্ৰহাৰ কৰা ঘটনাই সমগ্ৰ অসমতেই এক নতুন গতি লাভ কৰিছে । ক্ৰমাৎ ধিংকাণ্ড, তিনিচুকীয়া, মঙলদৈকে ধৰি নগাঁৱৰ মৎস্যক লৈ যেন ৰাজ্যত অসমীয়া লোক, অসমৰ জাতীয় দল-সংগঠন সজাগ হৈছে । ইয়াৰ মাজতে মঙলবাৰে সৰুপথাৰত ১২ টা জাতীয়-জনগোষ্ঠীয় দল-সংগঠনে গঠন কৰে ঐক্যমঞ্চ । ঐক্যমঞ্চ গঠন কৰিয়েই সৰুপথাৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত ব্যৱহৃত ভাষাক লৈ সকীয়নি । ২৪ ঘণ্টাৰ ভিতৰত সৰুপথাৰৰ অনা-অসমীয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাত ব্যৱহৃত ফলক লগাবলৈ দাবী ।  

অন্যথা গোলাঘাট জিলাত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হ'ব বুলিও হুংকাৰ দিয়ে ঐক্যমঞ্চই । তেওঁলোকে জনাই যে এনে পৰিস্থিতিৰ বাবে দায়ী হ'ব কেৱল অনা-অসমীয়া লোকসকল । সমান্তৰালকৈ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এ, বি, চি চেক্টৰত নগাৰ ভূমি হিচাপে অনা-অসমীয়াই খেতি কৰাৰ বিষয়ে মন্তব্য কৰে ঐক্যমঞ্চৰ বিষয়ববীয়াসকলে । সীমান্ত অঞ্চলত তেনে সন্দেহজনক বাংলাদেশীৰ লগতে অনা-অসমীয়া লোকে বসতি কৰিছে বুলিও মন্তব্য কৰে । 

লগতে পঢ়ক: জুইশালৰ জুইত জাহ গ'ল ৩০ জাতীয়-জনগোষ্ঠীয় সংগঠনৰ ক্ষোভ-অসন্তুষ্টি - Opposition Leader Debabrata Saikia

খিলঞ্জীয়াক কিয় প্ৰহাৰ কৰিলে বহিৰাগত ব্য়ৱসায়ীয়ে ? - Protest against Non Assamese

ABOUT THE AUTHOR

...view details