হায়দৰাবাদ: হোৱাটছএপ ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ । জনপ্ৰিয় তথা শীঘ্ৰে বাৰ্তা প্ৰেৰণ কৰা এপ হোৱাটছএপে আনিছে আন এক নতুন বৈশিষ্ট্য । ‘টাইপিং ইনডিকেটৰ’ নামৰ এই বৈশিষ্ট্যই ব্যৱহাৰকাৰীসকলৰ বাবে Chating কৰি থকা সময়ত Chat সহজ কৰি তোলে । বিশেষকৈ এই বৈশিষ্ট্যৰ সহায়ত গ্ৰুপ চেটত আৰু কোনো ধৰণৰ বিভ্ৰান্তি নাথাকিব । বৃহস্পতিবাৰে কোম্পানীটোৱে এই আপডেটৰ বিষয়ে তথ্য প্ৰদান কৰে ।
টাইপিং ইনডিকেটৰ কি?
মেটা মালিকানাধীন হোৱাটছএপে এই আপডেটৰ বিষয়ে অৱগত কৰি শেহতীয়াকৈ এক ঘোষণা কৰিছে । এই অনুসৰি এতিয়া হোৱাটছএপত মেছেজ টাইপ কৰাৰ সময়ত টাইপিং ইনডিকেটৰ ফিচাৰটো '...' দৃশ্যমান হ’ব । টাইপ কৰা ব্যৱহাৰকাৰীৰ প্ৰফাইল ইমেজৰ সৈতে ই চেট স্ক্ৰীণৰ তলত দেখা যাব ।
এই বৈশিষ্ট্যৰ সুবিধাসমূহ কি?
এই বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে সহজেই জানিব পাৰে যে তেওঁলোকে Chat কৰি থকা ব্যক্তিজনে কেতিয়া টাইপ কৰি আছে । অৰ্থাৎ এতিয়া যদি কোনোবাই বাৰ্তা টাইপ কৰি আছে তেন্তে Chat স্ক্ৰীণত এটা দৃশ্যমান সূচকৰ সৈতে এটা টাইপিং সূচকও দেখা যাব । ইয়াৰ দ্বাৰা ব্যৱহাৰকাৰীয়ে সহজেই জানিব পাৰিব কোনে বাৰ্তাটো টাইপ কৰিছে ।