অসম

assam

ETV Bharat / technology

ৰাষ্ট্ৰীয় ঘাইপথৰ সম্পূৰ্ণ তথ্য এটা এপতেই; ক’ত উপলব্ধ এই এপটো - NHAIS NEW RAJMARGYATRA APP

Rajmargyatra app: Fastag ৰিচাৰ্জ, গতি সীমিতকৰণৰ বাবে সতর্কতাকে ধৰি সকলো প্ৰয়োজনীয় উপলব্ধ এটা এপতেই - কেনেকৈ সম্ভৱ ?

Etv Bharat
ৰাষ্ট্ৰীয় ঘাইপথৰ সম্পূৰ্ণ তথ্য এটা এপতেই; ক’ত উপলব্ধ এই এপটো (Google Play)

By ETV Bharat Tech Team

Published : Oct 13, 2024, 4:01 PM IST

নিউজ ডেস্ক, 13 অক্টোবৰ:কোনো অজ্ঞাত নতুন ঠাইলৈ যাবলগীয়া হ’লে গতিপথৰ মেপখন সঠিক হোৱা উচিত । ইয়াৰ বাবে প্ৰয়োজন এপৰ ৷ Fastag ৰিচাৰ্জ কৰিবলৈও আন এটা এপৰ প্ৰয়োজন হয় । যাত্ৰাৰ সময়ত কিবা সমস্যাৰ সন্মুখীন হ’লে মাজে মাজে গুগলত চাৰ্চ কৰি অভিযোগ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় । NHAI (ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই) যাত্ৰাৰ সময়ত সন্মুখীন হোৱা প্ৰতিটো অভিজ্ঞতাৰ বাবে সুকীয়া এপৰ পৰিৱৰ্তে সকলোৰে বাবে এটাই এপ আনিছে । ইয়াত ৰুট মেপৰ পৰা আৰম্ভ কৰি স্মাৰ্ট এলাৰ্টলৈকে বহুতো বৈশিষ্ট্য আছে, যিয়ে আপোনাৰ যাত্ৰা সহজ কৰি তুলিব । 'Rajmargyatra' নামেৰে অনা এই এপটোৰ বিষয়ে অধিক সবিশেষ জানো আহক ।

মূখ্য তথ্য: এই এপটোৱে ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰা কৰাৰ সময়ত ভ্ৰমণকাৰীসকলক প্ৰয়োজনীয় মূল তথ্য প্ৰদান কৰে । ৰেষ্টুৰেণ্ট, পেট্ৰ’ল পাম্প, চাৰ্জিং ষ্টেচন, চিকিৎসালয়, এটিএম, আৰক্ষী থানা আৰু পৰ্যটনস্থলীৰ তথ্য ইয়াত প্ৰদান কৰা হয় । এই এপটোৱে বতৰৰ অৱস্থা আৰু ট্ৰেফিক সতৰ্কবাণীও দিয়ে ।

ৰাষ্ট্ৰীয় ঘাইপথৰ সম্পূৰ্ণ তথ্য এটা এপতেই; ক’ত উপলব্ধ এই এপটো (ETV Bharat)

অভিযোগ আছে: বৃহৎ বৃহৎ পথৰ সৈতে জড়িত যিকোনো অভিযোগ এই এপটোত দাখিল কৰিব পাৰিব । ইয়াৰ বাবে এপটোত আছে ‘Report An Issue On NH’ নামৰ এটা বিকল্প । ইয়াৰ সহায়ত ফটো, ভিডিঅ' যোগ কৰি পথৰ সৈতে জড়িত সমস্যাৰ অভিযোগ কৰিব পাৰিব । NHAI য়ে লাভ কৰা অভিযোগৰ উত্তৰ দিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব । ইয়াত আমি সময়ে সময়ে আমাৰ অভিযোগৰ অৱস্থা জানিব পাৰো ।

FASTAG সেৱা: এই Rajmargyatra এপৰ পৰা FASTAG সম্পৰ্কীয় সেৱা লাভ কৰিব পাৰিব । NHAI এ FASTAG ৰিচাৰ্জৰ বাবে বিভিন্ন বেংক পৰ্টেলৰ সৈতে কাম কৰি আছে । এই প্লেটফৰ্মত নতুন FASTag এপ্লিকেচন, মাহেকীয়া পাছ আৰু FASTag সম্পৰ্কীয় অন্যান্য সেৱাও উপলব্ধ ।

টোল প্লাজাৰ সবিশেষ: এই এপটোৰ জৰিয়তে আপুনি যোৱা পথটোৰ টোল প্লাজাৰ সংখ্যা, নাম আৰু পৰিশোধ কৰিবলগীয়া মুঠ ধনৰাশি সহজেই জানিব পাৰিব । ইয়াৰ বাবে এপটোত আছে 'Toll Plaza Enroute' নামৰ এটা বিকল্প ৷ ইয়াত ক্লিক কৰক আৰু আপোনাৰ প্ৰস্থান এলেকা আৰু গন্তব্যস্থান প্ৰৱেশ কৰক আৰু সন্ধানত ক্লিক কৰক, আপুনি প্ৰয়োজনীয় সকলো টোল প্লাজাৰ বিৱৰণ ইয়াত প্ৰদৰ্শিত হ'ব ।

স্মাৰ্ট এলাৰ্ট: অভাৰস্পীড নোটিফিকেচনৰ সুবিধাও এই এপটোত উপস্থিত আছে । গতি সীমাতকৈ অধিক গতিৰে যাত্ৰা কৰিলে ই আপোনাক সতৰ্ক কৰি দিব । NHAI এ মানুহৰ সুৰক্ষাৰ কথা মনত ৰাখি এই সুবিধা এপটোত আনিছে ৷ ইয়াৰ বাবে আপুনি প্ৰফাইললৈ যাব লাগিব আৰু স্মাৰ্ট এলাৰ্ট আৰু ভইচ এচিষ্টেণ্ট বিকল্প সক্ৰিয় কৰিব লাগিব ।

তদুপৰি, ঘাইপথৰ ক্ষেত্ৰত সহায়, আৰক্ষীৰ ক্ষেত্ৰত সহায়, জৰুৰীকালীন নম্বৰসমূহ জৰুৰীকালীন বিকল্পত প্ৰদৰ্শিত হয় । আপুনি যাত্ৰা কৰা ঘাইপথৰ সবিশেষও ইয়াত প্ৰদৰ্শিত হ’ব । ইচ্ছা কৰিলে আপোনাৰ যাত্ৰা ৰেকৰ্ডো কৰিব পাৰে ।

12 টা ভাষাত Rajmargyatra: এই এপটোৱে তেলেগু আৰু ইংৰাজীকে ধৰি 12 টা ভাষা সমৰ্থন কৰে । এই সকলোবোৰ সুবিধা এপটোৰ জৰিয়তে গুগল প্লে ষ্ট’ৰৰ পৰা ডাউনলোড কৰি মোবাইল নম্বৰেৰে লগ ইন কৰি লাভ কৰিব পাৰিব । এপল ব্যৱহাৰকাৰীয়েও এই এপটো ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰিব ।

লগতে পঢ়ক:UMANG এপৰ সৈতে সংযুক্ত হ’ল DigiLocker

ৰাজপথত যান-জঁটৰ সমস্যা; হ্ৰাসৰ বাবে শীঘ্ৰেই জাৰি কৰা হ’ব নতুন কৰ

ভাৰতত মুকলি হ’ল অত্যাধুনিক Retail.NEXT - BMW Retail NEXT debuts in India

ABOUT THE AUTHOR

...view details