নেশ্যনেল ডেস্ক, ৬ মে’ : পৃথিৱীৰ পৰা লাখ লাখ মাইল দূৰত থকা তপত সূৰ্যৰ বিষয়ে জানিবলৈ আমি সদায় কৌতুহলী হৈয়ে থাকো । সূৰ্যৰ পৃষ্ঠভাগ কেনেকুৱা বা সূৰ্যৰ অলৌকিক শক্তি বা নিত্য পৰিৱৰ্তিত ভূচিত্ৰটো ভালদৰে চালে কেনেকুৱা অনুভৱ হ’ব ? ESA এ শেহতীয়াকৈ ছ’লাৰ অৰ্বিটাৰে সূৰ্যৰ নিম্ন বায়ুমণ্ডলৰ এক অদৃশ্য আভাস শ্বেয়াৰ কৰিছে, যিটো দেখি আপুনি ৰোমাঞ্চিত হৈ পৰিব ।
এইখিনিতে কওঁ যে, শেহতীয়া প্ৰকাশ হোৱা ভিডিঅ’টো যোৱা বছৰ Solar Orbiter ত Extreme Ultraviolet Imager (EUI) য়ে ৰেকৰ্ডিং কৰিছিল । কিন্তু সেই সময়ত মহাকাশযানখন সূৰ্যৰ পৰা পৃথিৱীৰ প্ৰায় এক তৃতীয়াংশ দূৰত্বত আছিল, যিটো সূৰ্য ক্ৰমান্বয়ে ওচৰ চাপি আহিছিল ।
এই ভিডিঅ’ ৰেকৰ্ডিং হোৱাৰ দিনা নাছাৰ পাৰ্কাৰ ছ’লাৰ প্ৰ’ব সূৰ্যৰ পৃষ্ঠৰ পৰা ৭২.৬ লাখ কিলোমিটাৰ দূৰত পাৰ হৈ গৈছিল । তেতিয়া পাৰ্কাৰে সূৰ্যৰ পোনপটীয়া ফটো তোলাৰ পৰিৱৰ্তে সূৰ্যৰ ক’ৰ’না, সৌৰ বতাহৰ কণা আৰু চুম্বকীয় ক্ষেত্ৰ জুখিছিল ।