নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ:ভোডাফোন আইডিয়া লিমিটেড (VIL)ৰ সৈতে তিনি বছৰৰ বাবে এক গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছে ন’কিয়াই । চুক্তি অনুসৰি ন’কিয়াই Viৰ বৰ্তমানৰ 4G নেটৱৰ্ক উন্নীত কৰাৰ লগতে 5G সঁজুলি যোগান ধৰিব । ই VIL ৰ 20 কোটিতকৈ অধিক ব্যৱহাৰকাৰীক উচ্চমানৰ সংযোগ প্ৰদান কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
শেহতীয়াকৈ Vi-এ ন’কিয়া, এৰিক্সন আৰু ছেমছাঙৰ সৈতে 30,000 কোটি টকা (3.6 বিলিয়ন মাৰ্কিন ডলাৰ)ৰ চুক্তি স্বাক্ষৰ কৰিছে । এই চুক্তিৰ অধীনত অহা তিনি বছৰত নেটৱৰ্কৰ সঁজুলি যোগান ধৰা হ’ব । ভিআইএলৰ 4G আৰু 5G নেটৱৰ্ক উন্নীতকৰণৰ ক্ষেত্ৰত ন’কিয়াই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
ন’কিয়াই ৰিফশ্বাৰ্ক চিষ্টেম-অন-চিপ প্ৰযুক্তিৰে নিজৰ 5G এয়াৰস্কেল পৰ্টফলিঅ’ চলায় । বেচ ষ্টেচন, বেছবেণ্ড ইউনিট আৰু শেহতীয়া হাব্ৰক মেছিভ এমআইএমঅ’ ৰেডিঅ’ সঁজুলি যোগান ধৰা হয় । ইয়াৰ উপৰিও ন’কিয়াই ভিআইএলৰ 4G নেটৱৰ্কক মাল্টিবেণ্ড ৰেডিঅ’ আৰু বেছবেণ্ড সঁজুলিৰে উন্নীত কৰিব । ইয়াৰ ফলত 5 G লৈ পৰিৱৰ্তন অধিক সহজ হ’ব ।