হায়দৰাবাদ: আগন্তুক কেইমাহমানৰ ভিতৰত ভাৰতত নতুন স্মাৰ্টফোন লঞ্চ কৰিবলৈ ওলাইছে ভিভ’ই। কোম্পানীটোৱে দুটা নতুন ফোন লঞ্চ কৰিব পাৰে - Vivo V50 আৰু Vivo Y19e । এই দুয়োটাকে ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ চাৰ্টিফিকেশনৰ ৱেবছাইটত দেখা গৈছে । ভিভ'ৰ এই দুটা ফোনৰ বিষয়ে জানো আহক ---
ভিভ'ৰ নতুন ফোন দুটা
মাই স্মাৰ্ট প্ৰাইছৰ এক প্ৰতিবেদন অনুসৰি ভিভ’ V50 আৰু ভিভ’ Y19E নামৰ দুটা নতুন ভিভ’ ফোন ক্ৰমে V2427 আৰু V2431 মডেল নম্বৰৰ সৈতে দেখা গৈছে । V2427 পূৰ্বতে NBTC প্ৰমাণপত্ৰত তালিকাভুক্ত কৰা হৈছিল, যিয়ে নিশ্চিত কৰিছিল যে এই মডেল নম্বৰটো হৈছে Vivo V50 ।
আইএমইআই ডাটাবেছৰ জৰিয়তে প্ৰকাশ পাইছে যে ভিভ’ই ভিভ’ Y19E নামেৰে V2431 মুকলি কৰিব । এতিয়া এই দুয়োটা ফোনৰ বিআইএছ চাৰ্টিফিকেশ্যনে নিশ্চিত কৰিছে যে ভিভ’ই এই দুয়োটা নতুন ফোন ভাৰতত মুকলি কৰিবলৈ ওলাইছে । কিন্তু প্ৰমাণপত্ৰ ৱেবছাইটৰ জৰিয়তে এই ফোনসমূহৰ বাকী সবিশেষ সম্পৰ্কে কোনো তথ্য পোৱা হোৱা নাই ।