হায়দৰাবাদ: পুনৰ নিৰ্ধাৰণ হ’ল মহাকাশত আবদ্ধ মহাকাশচাৰীদ্বয়ক পৃথিৱীলৈ ঘূৰাই অনাৰ সময় ৷ মঙলবাৰে নাছাই ঘোষণা কৰে যে যে ক্ৰু-10 মিছনৰ অধীনত সুনীতা আৰু বেৰীক ঘূৰাই পঠাবলগীয়া কেপচুলটো সন্দৰ্ভত সিদ্ধান্ত সলনি কৰা হৈছে । যাৰ ফলত সুনীতা আৰু বেৰীয়ে নিৰ্ধাৰিত সময়ৰ পূৰ্বে ঘূৰি আহিব পাৰে বুলি আশা কৰা হৈছে ।
আমেৰিকাৰ মহাকাশ সংস্থাটোৱে ঘোষণা কৰে যে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ অহা-যোৱা কৰা আগন্তুক ক্ৰু ঘূৰণীয়া অভিযানৰ লক্ষ্য উৎক্ষেপণ আৰু উভতি অহাৰ তাৰিখ ত্বৰান্বিত কৰিছে ।
পূৰ্বে 25 মাৰ্চত অনুষ্ঠিত হ’বলগীয়া এই লঞ্চটো এতিয়া 12 মাৰ্চ অৰ্থাৎ বুধবাৰলৈ আগুৱাই দিয়া হৈছে । অৱশ্যে নাছাই ঘোষণাত কয় যে এইটো “মিছন ৰেডিনেছ আৰু এজেন্সীৰ উৰণ প্ৰস্তুতিৰ প্ৰমাণীকৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ অপেক্ষাত”।
মহাকাশ সংস্থাটোৱে জনোৱা মতে, নতুনকৈ অহা ক্ৰু-10 অভিযান দলৰ সৈতে হেণ্ডঅভাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি ক্ৰু-9 কেপচুলটো ঘূৰি আহিব । নাছাই কয় যে মিছন পৰিচালনা দলসমূহে নতুন কেপচুলৰ পৰিৱৰ্তে ইতিমধ্যে উৰুৱাই থোৱা স্পেচএক্স ক্ৰু ড্ৰেগন কেপচুল ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লৈছে কাৰণ ইয়াৰ উৎপাদন আপাত দৃষ্টিত পলম হৈছে ।