অসম

assam

ETV Bharat / technology

ডিচেম্বৰ মাহত উৎক্ষেপণ কৰা হ’ব Proba 3 মহাকাশ যান - INDIA TO LAUNCH PROBA 3

ডিচেম্বৰ মাহত উৎক্ষেপণ কৰা হ’ব ইউৰোপীয় সংঘৰ Proba 3 সৌৰ পৰ্যবেক্ষণ মহাকাশ যানখন ৷ মঙলবাৰে এই কথা ঘোষণা কৰে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে ৷

Solar observation mission Proba-3 launched by ISRO in December
ডিচেম্বৰ মাহত উৎক্ষেপণ কৰা হ’ব Proba 3 মহাকাশ যান (IANS)

By ETV Bharat Tech Team

Published : Nov 6, 2024, 5:07 PM IST

হায়দৰাবাদ: ইউৰোপীয় সংঘৰ Proba 3 সৌৰ পৰ্যবেক্ষণ মহাকাশ যান ডিচেম্বৰ মাহত উৎক্ষেপণ কৰা হ’ব । কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) ড° জিতেন্দ্ৰ সিঙে মঙলবাৰে এই কথা প্ৰকাশ কৰে ।

নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় মহাকাশ সন্মিলন 3.0 সন্দৰ্ভত আইএনএছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সিঙে কয় যে ভাৰতীয় মহাকাশ বিজ্ঞানীসকলে ইউৰোপীয় বিজ্ঞানীসকলৰ সৈতে হাতে হাত ধৰি সূৰ্যৰ ৰহস্যসমূহ উন্মোচন কৰিব ।

সূৰ্যৰ ক্ষীণ ক’ৰ’নাৰ অধ্যয়ন

সৌৰ ফ্ৰিঞ্জৰ ওচৰত সূৰ্যৰ ক্ষীণ ক’ৰ’নাৰ অধ্যয়নৰ লক্ষ্যৰে Proba 3 ক ইছৰোৰ দ্বাৰা পৰিচালিত PSLV-XL ৰকেটৰ জৰিয়তে উৎক্ষেপণ কৰা হ’ব । "ইউৰোপীয় সংঘৰ সৰ্ববৃহৎ সৌৰ কক্ষপথ Proba 3 ক ডিচেম্বৰ মাহত শ্ৰীহৰিকোটাৰ পৰা উৎক্ষেপণ কৰা হ'ব । ইছৰো আৰু ইউৰোপীয় সংঘৰ মহাকাশ বিজ্ঞানীসকলে যৌথভাৱে সূৰ্যৰ বায়ুমণ্ডলৰ ওপৰত অধ্যয়ন কৰিব ।"

দুটা উপগ্ৰহৰে গঠিত Proba 3 অভিযান

Proba 3 অভিযান দুটা উপগ্ৰহৰে গঠিত । ই সৌৰ ক’ৰ’নাগ্ৰাফ নামৰ 144 মিটাৰ দীঘল যন্ত্ৰ হিচাপে কাম কৰে । সূৰ্যৰ উজ্জ্বল পোহৰৰ বাবে পৰ্যবেক্ষণ কৰাটো কঠিন সূৰ্যৰ ক’ৰ’না অধ্যয়নত ই বিজ্ঞানীসকলক সহায় কৰে । বিশ্বৰ প্ৰথমটো নিখুঁত উৰণ অভিযান ব্যৱস্থাই বিজ্ঞানীসকলক অভূতপূৰ্ব সান্নিধ্য আৰু ব্যাপকতাৰে সূৰ্যৰ ক’ৰ’না অধ্যয়ন কৰিবলৈ সুবিধা প্ৰদান কৰিব ।

নতুন মহাকাশ নীতি

"2023 চনৰ নতুন মহাকাশ নীতিৰ জৰিয়তে মহাকাশ খণ্ডটো এতিয়া ৰাজহুৱা খণ্ডৰ বিনিয়োগৰ বাবে মুকলি কৰা হৈছে । ইয়াৰ ফলত উদ্যোগটোৰ যথেষ্ট উন্নতি হৈছে ।"

এই উপলক্ষে ড° জিতেন্দ্ৰ সিঙে 2035 চনৰ ভিতৰত ভাৰতীয় মহাকাশ কেন্দ্ৰ (BAS) স্থাপনৰ অভিলাষী লক্ষ্যৰ কথা উল্লেখ কৰি 2040 চনৰ ভিতৰত এজন ভাৰতীয় চন্দ্ৰত অৱতৰণ কৰাৰ আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: বৃহস্পতিত জীৱৰ বসতি সম্ভৱনে - নাছাই আৰম্ভ কৰিছে অভিযান

চন্দ্ৰৰ অন্যতম পুৰণি গহ্বৰত অৱতৰণ কৰিছিল চন্দ্ৰযান-3 : গৱেষক - new discoveries of Chandrayaan 3

ABOUT THE AUTHOR

...view details