হায়দৰাবাদ: 22 জানুৱাৰীৰ দিনা ছেমছাঙে মুকলি কৰে ছেমছাং গেলাক্সি S25 ছিৰিজ ৷ এই ছিৰিজত আছে তিনিটাকৈ মডেল- গেলাক্সি S25, গেলাক্সি S25+ আৰু গেলাক্সি S25 আল্ট্ৰা ৷ কোম্পানীটোৱে গেলাক্সি S25 এজ প্ৰদৰ্শন কৰিলেও ইয়াক গেলাক্সি S25 ছিৰিজৰ সৈতে মুকলি কৰা নাই ।
গেলাক্সি S25 Edge ৰ আকৰ্ষণীয় শ্লীম ডিজাইন
22 জানুৱাৰীৰ গেলাক্সি আনপেকড ইভেণ্টৰ সময়ত মঞ্চত চমুকৈ প্ৰদৰ্শিত হৈছিল গেলাক্সি S25 এজ । ছেমছাঙে ই কিমান পাতল সেই কথা উল্লেখ নকৰিলেও প্ৰদৰ্শনৰ সময়ত ইয়াক অতি পাতল যেন দেখা গৈছিল । চৰ্চিত খবৰ অনুসৰি মুকলি হ’বলগীয়া এই শ্লীম ফোনটো আগন্তুক আইফোন 17 এয়াৰ সদৃশ হ’ব বুলি আশা কৰা হৈছে ৷ উল্লেখ কৰা প্ৰয়োজন যে আগন্তক আইফোন 17 এয়াৰৰ গাঢ়তা 5/6 মি.মি. ৷ ইয়াৰ উপৰিও ই আন গেলাক্সি S25 ডিভাইচৰ দৰে একে শৈলী অনুসৰণ কৰা যেন দেখিবলৈ পোৱা গৈছে । ইয়াৰ পিছফালে মাত্ৰ দুটা কেমেৰা থকা যেন দেখিবলৈ পোৱা গৈছে ।
গেলাক্সি S25 Edge মুকলিৰ সময়
ছেমছাঙে গেলাক্সি S25 ছিৰিজৰ দৰে গেলাক্সি S25 এজ মুকলি নকৰে বুলি সূত্ৰযোগে জানিব পৰা গৈছে । ছেমছাঙেও এই সন্দৰ্ভত কোনো তথ্য প্ৰকাশ কৰা নাই ৷ চলিত বৰ্ষৰ দ্বিতীয় বা তৃতীয় ত্ৰৈমাসিকত ইয়াক মুকলি কৰিব বুলি আশা কৰা হৈছে ।