নিউজ ডেস্ক, 4 ছেপ্টেম্বৰ:শেহতীয়াকৈ স্মাৰ্টফোনৰ ব্যৱহাৰ প্ৰচণ্ডভাৱে বৃদ্ধি পাইছে । আজিকালি ডেকা-বুঢ়াভেদে সকলোৰে হাতে-হাতে স্মাৰ্টফোন দেখিবলৈ পোৱা যায় । এই বাবেই বজাৰত স্মাৰ্টফোনৰ চাহিদা তথা বিক্ৰী বৃদ্ধি পাইছে । যিহেতু স্মাৰ্টফোনৰ চাহিদা ভাল, সেয়েহে সকলো কোম্পানীয়ে সময়ে সময়ে নতুন নতুন সংস্কৰণত নতুন স্মাৰ্টফোন মুকলি কৰিবলৈ উৎসাহিত হৈ পৰিছে । গ্ৰাহকৰ ৰুচি আৰু আগ্ৰহ অনুযায়ী আকৰ্ষণীয় বৈশিষ্ট্যৰে ডিজাইন কৰি বজাৰত মুকলি কৰা হৈছে এটাৰ পাচত আনটো ফোন ।
এই ক্ৰমত ইলেক্ট্ৰনিক সামগ্ৰীৰ আগশাৰীৰ কোম্পানী Samsung এ গ্ৰাহকৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিছে । আকৰ্ষণীয় ডিজাইনৰ সৈতে Galaxy A06 নামৰ নতুন মোবাইল বজাৰত মুকলি কৰিছে Samsung এ । মাত্ৰ 10 হাজাৰ টকাৰ আৰম্ভণি মূল্যৰে বজাৰত মুকলি কৰা হৈছে স্মাৰ্টফোন । এই স্মাৰ্টফোনটো বজাৰত 2 টা ভেৰিয়েন্ট আৰু 3টা ৰঙৰ বিকল্পত উপলব্ধ । এই ফোনটোৱে এণ্ড্ৰইড 14 ভিত্তিক One UI6 ৰ সৈতে কাম কৰে । গেলাক্সি A06 ত মাইক্ৰ’এছডি কাৰ্ডৰ সহায়ত 1 TB লৈকে ষ্ট’ৰেজ বৃদ্ধি কৰাৰ সুবিধা আছে । ইয়াৰ মূল্য, বৈশিষ্ট্য, বেটাৰী বেকআপৰ বিষয়ে অধিক জানো আহক---
Samsung Galaxy A06 বৈশিষ্ট্যসমূহ
ডিছপ্লে: 6.7 ইঞ্চি HD+ PLS LED স্ক্ৰীণ
প্ৰচেছৰ: অক্টাকোৰ মিডিয়াটেক হেলিঅ' G85
ৰিয়েল কেমেৰা: 50 MP
সন্মুখৰ কেমেৰা: 8MP
গভীৰতা চেন্সৰ: 2MP
বেটাৰী: 5000 MAh
25W তাঁৰযুক্ত ফাষ্ট চাৰ্জিং
4জি
ৱাইফাই
ব্লুটুথ 5.3, 3.5 মিমি অডিঅ’ জেক