অসম

assam

By ETV Bharat Tech Team

Published : 4 hours ago

ETV Bharat / technology

স্মাৰ্টফোনত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ বাবে আপুনি ভৰিব লাগিব ধন ! - AI Features

Samsung AI Features: আগশাৰীৰ স্মাৰ্টফোন নিৰ্মাতা কোম্পানী Samsung ৰ বৃহৎ ঘোষণা । Samsung ৰ প্ৰিমিয়াম ফোনসমূহত অনা AI বৈশিষ্ট্যসমূহ মাত্ৰ এবছৰৰ বাবেহে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব বুলি কোৱা হৈছে । ইয়াৰ পিছত এই বৈশিষ্ট্যসমূহ পাবলৈ ব্যৱহাৰকাৰীয়ে মাচুল দিব লাগিব ।

Etv Bharat
স্মাৰ্টফোনত কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰৰ বাবে আপুনি ভৰিব লাগিব ধন ! (Samsung)

নিউজ ডেস্ক, 2 অক্টোবৰ:দেশত বৃদ্ধি পাইছেকৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্ব । কৃত্ৰিম বুদ্ধিমত্তাই সমগ্ৰ পৃথিৱীৰে চেহেৰা সলনি কৰি দিয়া পৰিলক্ষিত হৈছে । কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্ব বৃদ্ধি পোৱালৈ লক্ষ্য ৰাখি স্মাৰ্টফোন নিৰ্মাতা কোম্পানীসমূহে ইয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু তেওঁলোকৰ ফোনত কৃত্ৰিম বুদ্ধিমত্তা বৈশিষ্ট্য সংযোগ কৰিছে । অৱশ্যে দক্ষিণ কোৰিয়াৰ স্মাৰ্টফোন নিৰ্মাতা কোম্পানীটোৱে এই সময়তে প্ৰকাশ কৰিছে এক চাঞ্চল্যকৰ খবৰ ।

ছেমছাঙে ঘোষণা কৰিছে যে অহা বছৰলৈহে Galaxy S24 আৰু Galaxy S24 FE এ আই ফিচাৰ বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব । তাৰ পিছত 2025 চনৰ শেষৰ পৰা এই AI বৈশিষ্ট্যসমূহ পাবলৈ স্পষ্ট কৰা হৈছে যে S24 ছিৰিজৰ মোবাইলৰ ব্যৱহাৰকাৰীসকলে অতিৰিক্ত মাচুল দিব লাগিব ।

চলিত বৰ্ষৰ জানুৱাৰী মাহত ছেমছাঙে নিজৰ S24 ছিৰিজৰ ফোন বজাৰত মুকলি কৰিছিল । এই মোবাইলসমূহত প্ৰথমবাৰৰ বাবে সংযোজন কৰা হৈছে AI বৈশিষ্ট্য । সেই সময়ত প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তিত Samsung এ কয় যে 2025 চনৰ শেষলৈকে বিনামূলীয়াকৈ কিছুমান বৈশিষ্ট্য প্ৰদান কৰিব । শেহতীয়াকৈ Galaxy S24 FE মুকলিৰ সময়ত কোৱা হৈছে যে কিছুমান AI বৈশিষ্ট্য 2025 চনৰ শেষ পৰ্যন্তহে থাকিব । ইয়াত স্পষ্ট কৰা হৈছে যে AI বৈশিষ্ট্যসমূহ আৰু এবছৰৰ বাবেহে বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব । ভৱিষ্যতে A ছিৰিজৰ ফোনতো সংযোগ কৰা হ’ব AI ৰ বৈশিষ্ট্য ।

Samsung এ অনা কৃত্ৰিম বুদ্ধিমত্তাৰ বৈশিষ্ট্য: আপুনি Samsung ৰ AI বৈশিষ্ট্যসমূহত সহজে নেভিগেট কৰিব পাৰিব । টোকা সহায়ক হৈছে চেমচাঙে প্ৰদান কৰা অন্যতম গুৰুত্বপূৰ্ণ AI বৈশিষ্ট্য । ইয়াৰ দ্বাৰা স্পোকেন কলসমূহ ভইচ ট্ৰেন্সলেট কৰিব পৰা যাব । গুগল মেজিক এডিটৰৰ দৰে গেলাক্সি এআই ফটোৰ সহায়ত বস্তু মচি পেলাব বা সলনি কৰিব পাৰি । এইবোৰৰ বাহিৰেও S24 ছিৰিজৰ মোবাইলত Circle Two Search, PDF Text Translate আদিৰ দৰে বৈশিষ্ট্য উপলব্ধ । এইবোৰৰ কোনটো বৈশিষ্ট্যৰ বাবে মাচুল ভৰিব লাগিব সেইটো জানিবলৈ আমি আৰু কেইদিনমান অপেক্ষা কৰিব লাগিব ।

লগতে পঢ়ক:এণ্ড্ৰইড ফোনৰ বাবে গুগলে মুকলি কৰিলে আকৰ্ষণীয় বৈশিষ্ট্য - Google’s Gemini Live

ভুৱা কল-এছএমএছৰ সংখ্যা হ্ৰাসৰ বাবে ব্যৱহৃত হ’ব কৃত্ৰিম বুদ্ধিমত্তা - Al powered network solution

আই আই এম সম্বলপুৰত শিক্ষাৰ্থীক পাঠদান কৰোৱাব AI অধ্যাপকে - AI Professor in IIM Sambalpur

ABOUT THE AUTHOR

...view details