হায়দৰাবাদ: আজি ছেমছাঙে আয়োজন কৰিবলৈ সাজু হৈছে বাৰ্ষিক গেলাক্সি আনপেকড ইভেণ্ট, য’ত ইয়াৰ নেক্সট জেন ফ্লেগশ্বিপ গেলাক্সি এছ ছিৰিজৰ স্মাৰ্টফোনৰ উপৰিও ইয়াৰ এক্সটেণ্ডেড ৰিয়েলিটি (এক্সআৰ) হেডছেট প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে । এই লাইনআপত গেলাক্সি S25, গেলাক্সি S25+ আৰু গেলাক্সি S25 আল্ট্ৰা অন্তৰ্ভুক্ত কৰা হৈছে বুলি কোৱা হৈছে । ইয়াৰ উপৰিও ডিভাইচটোৰ বহু প্ৰত্যাশিত শ্লীম ভেৰিয়েন্টও মুকলি কৰিব বুলি আশা কৰা হৈছে ।
ছেমছাং গেলেক্সি আনপেকড: সময় আৰু ক’ত চাব
- কেলিফৰ্ণিয়াৰ ছান জোছত গেলাক্সি আনপেকড 2025 আয়োজন কৰাটো নিশ্চিত কৰিছে ছেমছাঙে । কোম্পানীটোৱে ভাৰতৰ বেংগালুৰুকে ধৰি অন্যান্য অঞ্চলতো অন গ্ৰাউণ্ড ইভেণ্ট আয়োজন কৰিব ।
- 2025 চনৰ 22 জানুৱাৰীৰ নিশা 11.30 বজাত অনুষ্ঠিত হ’ব এই উন্মোচনী অনুষ্ঠানটিৰ ।
- ছেমছাঙে এই অনুষ্ঠানটো ছেমছাং ডট কম, ছেমছাং নিউজৰুম আৰু ইয়াৰ অফিচিয়েল ইউটিউব চেনেলত লাইভ সম্প্ৰচাৰ কৰিব ।
ছেমছাং গেলেক্সি আনপেকড: কি কি আশা কৰিব পাৰি
Galaxy S25 Series: Galaxy Unpacked ৰ হাইলাইট হ’ব Galaxy S25 Series, য’ত কমেও তিনিটা ডিভাইচ থাকিব বুলি কোৱা হৈছে-- Galaxy S25, S25+, আৰু S25 Ultra । ছেমছাঙে স্পষ্ট কৰি দিছে যে এই মুকলি অনুষ্ঠানত নতুন ডিভাইচসমূহত থাকিবলগীয়া কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষমতাৰ উন্নতিৰ ওপৰত অধিক গুৰুত্ব দিয়া হ’ব ।
প্ৰজেক্ট মুহান এক্সআৰ হেডছেট: 2025 চনত গুগলৰ নতুন হেডছেট অৰিয়েণ্টেড অপাৰেটিং চিষ্টেম এণ্ড্ৰইড এক্সআৰৰ ওপৰত ভিত্তি কৰি ভিআৰ হেডছেটৰ আগমন নিশ্চিত কৰিছে ছেমছাঙে । 2025 চনৰ ছেমছাং গেলেক্সি আনপেকড ইভেণ্টতো এই হেডছেট প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে ।
Samsung Galaxy S25 Series: লিক হোৱা স্পেচিফিকেশন আৰু মূল্য
জানিব পৰা মতে, ছেমছাং গেলেক্সি S 25 ত 6.2 ইঞ্চিৰ ফুল এইচডি+ ডাইনামিক এমোলেড 2X ডিছপ্লে থাকিব আৰু ইয়াৰ সৈতে 120 হাৰ্টজ ৰিফ্ৰেছ ৰেটৰ সমৰ্থন থাকিব । কোৱা হৈছে যে ই কোৱালকম স্নেপড্ৰেগন 8 এলিট চিপৰ পৰা শক্তি আহৰণ কৰিব, 12 GB পৰ্যন্ত ৰেম আৰু 512 GB পৰ্যন্ত ষ্ট’ৰেজৰ সৈতে সংযুক্ত কৰা হৈছে ।