অসম

assam

ETV Bharat / technology

উৎসৱকালীন Sale ৰ বাবে ভাৰতীয় বজাৰত বৃদ্ধি স্মাৰ্টফোনৰ চাহিদা

গ্ৰাম্য অঞ্চলৰ চাহিদা আৰু ইতিমধ্যে সমাপ্ত হোৱা Sale ৰ ফলত ভাৰতীয় স্মাৰ্টফোনৰ বজাৰখন জুলাই-ছেপ্টেম্বৰৰ সময়ছোৱাত 9 শতাংশ বৃদ্ধি পোৱা বুলি জানিব পৰা গৈছে ।

Etv Bharat
উৎসৱকালীন Sale ৰ বাবে ভাৰতীয় বজাৰত বৃদ্ধি স্মাৰ্টফোনৰ চাহিদা (Etv Bharat)

By ETV Bharat Tech Team

Published : 9 hours ago

হায়দৰাবাদ: উৎসৱৰ বতৰৰ পূৰ্বে দেশত স্মাৰ্টফোনৰ চাহিদা বৃদ্ধি পাইছিল গ্ৰাম্যাঞ্চলত ৷ এই চাহিদাৰ দ্বাৰা পৰিচালিত হৈ ভাৰতীয় স্মাৰ্টফোনৰ বজাৰখন জুলাই-ছেপ্টেম্বৰৰ সময়ছোৱাত 9 শতাংশ বৃদ্ধি পাই 47.1 মিলিয়ন ইউনিট শিপিং কৰা হৈছে বুলি শেহতীয়া এক প্ৰতিবেদনত প্ৰকাশ পাইছে । বজাৰ গৱেষণা সংস্থা কেনালিছে জনোৱা মতে, উৎসৱৰ বতৰৰ বাবে সাজু হ’বলৈ অনলাইন আৰু অফলাইন চেনেলত বাৰিষাৰ আৰম্ভণিতে SALE ৰ জৰিয়তে বিক্ৰেতাসকলে তথ্য-পাতি ক্লিয়াৰ কৰিছিল ।

জ্যেষ্ঠ বিশ্লেষক ছান্যম চৌৰাছিয়াৰ মতে, বজাৰৰ শীৰ্ষ ব্ৰেণ্ডসমূহে উৎসৱকালীন Sale ৰ সময়ত সামগ্ৰী ক্লিয়াৰ কৰাৰ আশাত, মধ্য-উচ্চ দামত নিজৰ পৰ্টফলিঅ’ সম্প্ৰসাৰণ কৰিছে । ইফালে, শীৰ্ষ পাঁচটাৰ বাহিৰৰ ব্ৰেণ্ডসমূহেও আন এক শক্তিশালী ত্ৰৈমাসিকৰ অভিজ্ঞতা লাভ কৰিছে । এপলে আইফোন 15 ৰ চাহিদা আছিল ৷ ইয়াৰ শেহতীয়া আইফোনটো মুকলিৰ পূৰ্বে সৰু চহৰৰ পৰা বৃহৎ চাহিদা লাভ কৰিছিল আইফোন 15 এ ।

অন্যান্য ব্ৰেণ্ড, যেনে মটৰ'লা, গুগল আৰু নাথিং আদিৰো চাহিদা বৃদ্ধি হৈছে । ভিভ’ই প্ৰথমবাৰৰ বাবে প’ল পজিচন দাবী কৰিছিল, 19 শতাংশ বজাৰ অংশীদাৰিত্ব দখল কৰিছিল আৰু 91 লাখ ইউনিট শিপিং কৰিছিল ।

বাজেট 5G চিৰিজৰ দ্বাৰা পৰিচালিত ছাইঅ’মিয়ে 78 লাখ ইউনিট শিপিং কৰি দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে ছেমছাঙে 75 লাখ ইউনিটেৰে তৃতীয় স্থান লাভ কৰে । প্ৰতিবেদন অনুসৰি অ’প’ (ৱানপ্লাছ বাদ দি) আৰু ৰিয়েলমিয়ে ক্ৰমে 63 লাখ আৰু 53 লাখ ইউনিট শিপ কৰি শীৰ্ষ পাঁচটা স্থান দখল কৰে ।

প্ৰতিবেদন অনুসৰি, সম্প্ৰসাৰিত মিড-টু-হাই-এণ্ড অফাৰ, প্ৰতিযোগিতামূলক ট্ৰেড-ইন চুক্তি আৰু সুলভ বিত্তীয় বিকল্পৰ বাবে প্ৰতিস্থাপন আৰু উন্নীতকৰণ ক্ৰেতা দুয়োটাই অধিক মূল্যৰ মডেলৰ দিশে ঢাল খাইছিল ।

“কিন্তু এণ্ট্ৰি লেভেলৰ চাহিদা দুৰ্বল আছিল কাৰণ বৃদ্ধি পোৱা মূল্যৰ বাবে গ্ৰাহকে দীপাৱলীৰ পিছলৈকে ক্ৰয়ত বিলম্ব কৰিবলগীয়া হৈছিল । ব্ৰেণ্ডসমূহ দীপাৱলীৰ বতৰৰ পূৰ্বে অফলাইন বিক্ৰীৰ ওপৰত নিৰ্ভৰশীল আৰু বছৰৰ শেষৰ ইনভেণ্টৰীৰ স্তৰৰ প্ৰতি সতৰ্ক হৈ থাকিব ।"-চৌৰাছিয়াই কয় । প্ৰতিবেদনত আৰু কোৱা হৈছে যে 2024 চনৰ ষ্টক ফলপ্ৰসূভাৱে পৰিচালনা কৰিবলৈ বৃহৎ ৰেহাই আৰু বৰ্ধিত চেনেল মাৰ্জিন অতি প্ৰয়োজনীয় হ’ব ।

লগতে পঢ়ক:iPhone 16 ক্ৰয় কৰিবলৈ 21 ঘণ্টা শাৰী পাতিলে আইফোন প্ৰেমীয়ে - Huge crowds in Apple stores

উৎসৱৰ বতৰত দাম কমিল Vivo Y28s 5G স্মাৰ্টফোনৰ - Vivo Y28s 5G Price in India

ৱায়াৰলেছ হেডফোনৰ লগতে ভাৰতীয় বজাৰত মুকলি Realme P1 Speed ​​5G স্মাৰ্টফোন

ABOUT THE AUTHOR

...view details