অসম

assam

ETV Bharat / technology

শীঘ্ৰেই বুকিঙৰ বাবে উপলব্ধ হ’ব Royal Enfield Bear 650 - ROYAL ENFIELD BEAR 650 UNVEILED

Royal Enfield: Royal Enfield এ প্ৰকাশ কৰিছে তেওঁলোকৰ নতুন Bear 650, যিখন ইআইচিএমএ 2024 ত মুকলি কৰা হ’ব । ইয়াৰ ডিজাইন, ৰং জানো আহক---

Royal Enfield Bear 650
শীঘ্ৰেই বুকিঙৰ বাবে উপলব্ধ হ’ব Royal Enfield Bear 650 (Royal Enfield)

By ETV Bharat Tech Team

Published : Oct 29, 2024, 4:05 PM IST

হায়দৰাবাদ: বহু অপেক্ষাৰ অন্তত অৱশেষত EICMA 2024 ত মুকলি কৰাৰ পূৰ্বে ৰয়েল এনফিল্ডে প্ৰকাশ কৰিলে নতুন Royal Enfield Bear 650 । ইন্টাৰচেপ্টৰ 650, কন্টিনেণ্টেল GT 650, ছুপাৰ মিটিয়ৰ 650 আৰু শ্বটগান 650 ৰ পিছত টুইন প্লেটফৰ্মৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা কোম্পানীটোৰ পঞ্চমখন 650 CC মটৰ চাইকেল হৈছে Bear 650 ।

ইন্টাৰচেপ্টৰ 650 ৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা ৰয়েল এনফিল্ড Bear 650 ৰ ডিজাইন স্ক্ৰেম্বলাৰ ভিত্তিক আৰু ইয়াত কেইবাটাও নতুন বৈশিষ্ট্য আৰু প্ৰিমিয়াম মেকানিকেল উপাদান আছে । 5 নৱেম্বৰত আগন্তুক EICMA 2024 ত ৰয়েল এনফিল্ডে Bear 650 ৰ মূল্য ঘোষণা কৰিব ।

শীঘ্ৰেই বুকিঙৰ বাবে উপলব্ধ হ’ব Royal Enfield Bear 650 (Royal Enfield)

Royal Enfield Bear 650 ডিজাইন

ষ্টাইলিঙৰ ক্ষেত্ৰত Bear 650 ক ইন্টাৰচেপ্টৰ 650 তকৈ বহুত বেছি আকৰ্ষণীয় দেখা গৈছে ৷ বাইকখনত পোৱা লাইটবোৰ সম্পূৰ্ণ LED আৰু চকাৰ আকাৰ বেলেগ ।

বাইকখনত স্পক চকাযুক্ত নতুন এম আৰ এফ নাইলৰেক্স অফ-ৰোড টায়াৰ লগোৱা হৈছে । Bear 650 ত Shotgun ত দেখাৰ দৰে Showa USD ফৰ্ক লগোৱা হৈছে যদিও ইণ্টাৰনেল যথেষ্ট বেলেগ । সামগ্ৰিকভাৱে ছাচপেনচন ট্ৰেভেল ইন্টাৰচেপ্টৰতকৈ বেছি আৰু ফলত আসনৰ উচ্চতা বৃদ্ধি পাইছে ।

শীঘ্ৰেই বুকিঙৰ বাবে উপলব্ধ হ’ব Royal Enfield Bear 650 (Royal Enfield)

বাকী বাইকৰ ব্ৰেকৰ দৰে অংশ ইন্টাৰচেপ্টৰৰ পৰা লোৱা হৈছে যদিও সন্মুখৰ ব্ৰেক ডিস্কৰ আকাৰ ডাঙৰ । ইয়াত ষ্টেণ্ডাৰ্ড হিচাপে ডুৱেল চেনেল এবিএছ আছে আৰু অফ-ৰোড ৰাইডিঙৰ বাবে পিছফালৰ এবিএছ বন্ধ কৰিব পাৰি । এই স্ক্ৰেম্বলাৰত ইনবিল্ট নেভিগেচন চিষ্টেমৰ সৈতে সম্পূৰ্ণ ৰঙীন টিএফটি পৰ্দা আছে ।

Royal Enfield Bear 650 Bear 650 ৰ ইঞ্জিন কোম্পানীটোৰ বৰ্তমানৰ 650 CC, পেৰেলেল-টুইন ইঞ্জিনেৰে সজ্জিত, যিয়ে সৰ্বোচ্চ শক্তি 47BHP আৰু সৰ্বোচ্চ 57 নিউটন মিটাৰ টৰ্ক দিয়ে, যিটো ইন্টাৰচেপ্টৰ 650তকৈ প্ৰায় 5NM বেছি । ইয়াত নতুন টু ইনটু এক্সজেষ্ট চিষ্টেম ব্যৱহাৰ কৰা হৈছে, যাৰ বাবে বাইকখনৰ ওজন সামান্য হ্ৰাস পাইছে । ইঞ্জিনটো আগৰ দৰেই 6 স্পীড গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে ।

শীঘ্ৰেই বুকিঙৰ বাবে উপলব্ধ হ’ব Royal Enfield Bear 650 (Royal Enfield)

কোম্পানীটোৱে মুঠ পাঁচটা ৰঙত Royal Enfield Bear 650 মুকলি কৰিছে, প্ৰতিটো ৰঙৰ বাইকৰ দাম ভিন্ন । 5 নৱেম্বৰত ৰয়েল এনফিল্ডে এই বাইকখন মুকলি কৰিব আৰু একেদিনাই ইয়াৰ মূল্যও প্ৰকাশ পাব । ইয়াৰ বুকিং এতিয়াও আৰম্ভ হোৱা নাই ।

লগতে পঢ়ক: Royal Enfield 350 ক্ৰয় কৰক আৰু লাভ কৰক দক্ষিণ ভাৰত ভ্ৰমণৰ সুবিধা ! - 2024 Royal Enfield Classic 350

বুলেটপ্ৰেমীৰ বাবে সুখবৰ ! ভাৰতত মুকলি হ’ল চলিত বৰ্ষৰ Royal Enfield Classic 350 - 2024 Royal Enfield Classic 350

ABOUT THE AUTHOR

...view details