অসম

assam

By ETV Bharat Tech Team

Published : 5 hours ago

ETV Bharat / technology

ভাৰতীয় বজাৰত মুকলি আটাইতকৈ বিলাসী SUV - Rolls Royce Cullinan Series II

Rolls-Royce Cullinan Series II lunched: বিলাসী গাড়ী নিৰ্মাতা কোম্পানী Rolls Royce ইণ্ডিয়াই ভাৰতৰ বজাৰত মুকলি কৰিছে তেওঁলোকৰ আটাইতকৈ দামী SUV Rolls Royce Cullinan, ই SUV Rolls Royce Cullinan Series-II ৰ শেহতীয়া সংস্কৰণ । এইখন বৰ্তমান পৰ্যন্ত মুকলি হোৱা আটাইতকৈ দামী এছ ইউ ভি হিচাপে পৰিগণিত হৈছে । কোম্পানীয়ে এই গাড়ীখনৰ বহু পৰিৱৰ্তন সাধন কৰিছে ।

Etv Bharat
ভাৰতীয় বজাৰত মুকলি আটাইতকৈ বিলাসী SUV (Rolls Royce)

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ:বিলাসী গাড়ী নিৰ্মাতা কোম্পানী Rolls Royce এ আনুষ্ঠানিকভাৱে ভাৰতীয় বজাৰত তেওঁলোকৰ আইকনিক বিলাসী SUV Rolls Royce Cullinan Series-II ৰ আপডেটেড সংস্কৰণ মুকলি কৰিছে । কোম্পানীটোৱে শেহতীয়াকৈ বজাৰত মুকলি কৰা SUV খনৰ আৰম্ভণি মূল্য 10.5 কোটি টকা । গাড়ীখনে ধনিক শ্ৰেণীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

এই গাড়ীখনৰ আকৰ্ষণীয় কথাটো হ’ল ক্ৰেতাই নিজৰ পছন্দ অনুসৰি ইয়াক তৈয়াৰ কৰি ল’ব পাৰে, যাৰ বাবে ইয়াত বহু বিকল্প দিয়া হৈছে । ভাৰতীয় গ্ৰাহকৰ পৰিৱৰ্তিত পছন্দৰ প্ৰতি লক্ষ্য ৰাখি এনেদৰে প্ৰস্তত কৰা হৈছে এই বিলাসী গাড়ীখন । জানিব পৰা মতে, SUV Rolls Royce Cullinan Series-II খন যুৱ ক্ৰেতাক আকৰ্ষণ কৰিবলৈ ডিজাইন কৰা হৈছে ।

ভাৰতীয় বজাৰত মুকলি আটাইতকৈ বিলাসী SUV (Rolls Royce)

ডিজাইন

ডিজাইনৰ কথা ক’বলৈ গ’লে আধুনিক নান্দনিকতাক মূৰ্ত কৰি তুলিবলৈ যত্ন কৰা হৈছে । SUV Rolls Royce Cullinan Series-II ৰ অন্যতম স্বকীয় বৈশিষ্ট্য হ’ল ইয়াৰ জটিল ডিজাইনৰ ডেচব’ৰ্ড পেনেল, য’ত 7000 টা লেজাৰ-এচড বিন্দু আছে । ইয়াৰ উপৰিও এছ ইউ ভিখনত পিলাৰ-টু-পিলাৰ গ্লাছ পেনেল আছে, যিয়ে ডিজিটেল আৰু পৰম্পৰাগত কাৰুকাৰ্যৰ মিশ্ৰণক উজ্জ্বল কৰি তুলিছে যিটোৰ বাবে ৰ’লছ ৰয়েছ বিখ্যাত ।

প্ৰযুক্তিৰ ক্ষেত্ৰত Culinan Series-II ত আছে এটা আকৰ্ষণীয় 18 স্পীকাৰ অডিঅ’ চিষ্টেম, উন্নত সংযোগ বিকল্প, য’ত আছে ৱাই-ফাই হটস্পট আৰু প্ৰতিটো পৰ্দাৰ বাবে স্বতন্ত্ৰ ষ্ট্ৰীমিং আৰু পিছফালৰ আসনৰ ইনফ’টেইনমেণ্ট চিষ্টেম ব্লুটুথৰ জৰিয়তে সংযোগ কৰাৰ ক্ষমতা । লগতে নতুনকৈ ড্ৰাইভাৰৰ পৰ্দাত প্ৰদৰ্শিত হ’ব এনিমেটেড ‘স্পিৰিট অৱ এক্সটাচি’ ।

Rolls Royce Cullinan Series-II: বল্ড ব্লেক বেজ ভেৰিয়েণ্ট

Culinan Series II: Black Badge য়ে অধিক স্বকীয়তা বিচৰাসকলৰ বাবে অধিক গতিশীল আৰু স্পৰ্টী বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে । এই সংস্কৰণত ৰ’লছ ৰয়েচৰ জনপ্ৰিয় বিলাসীতাক অটুট ৰখাৰ লগতে সাহসৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে ।

Rolls Royce Cullinan Series-II ইঞ্জিন

কুলিনান ফেচলিফ্টত 6.75 লিটাৰৰ শক্তিশালী টুইন টাৰ্বোচাৰ্জড V12 ইঞ্জিন ধৰি ৰখা হৈছে । ষ্টেণ্ডাৰ্ড এডিচনত এই ইঞ্জিনে 563 বিএইচপি শক্তি আৰু 850 এনএম টৰ্ক উৎপন্ন কৰে, আনহাতে অধিক পাৰফৰমেন্স-ফ’কাচড ব্লেক বেজ এডিচনে 592 বিএইচপি শক্তি আৰু 900 এনএম টৰ্ক উৎপন্ন কৰে । দুয়োটা ভেৰিয়েন্টত 8 স্পীড অটোমেটিক ট্ৰেন্সমিছন আছে, যিয়ে চাৰিওটা চকাতে শক্তি বিতৰণ কৰে ।

মূল্য আৰু উপলব্ধতা

ভাৰতত Rolls Royce Cullinan Series-II ৰ মূল্য 10.5 কোটি টকা (এক্স শ্ব’ৰুম)ৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে ব্লেক বেজ ভেৰিয়েণ্টৰ মূল্য 12.25 কোটি টকা । ৰ’লছ ৰয়েছে অনুমান কৰিছে যে 2024 চনৰ চতুৰ্থ ত্ৰৈমাসিক অৰ্থাৎ অক্টোবৰ মাহৰ পৰা ভাৰতীয় গ্ৰাহকলৈ এই বিলাসী গাড়ীখনৰ ডেলিভাৰী আৰম্ভ কৰিব । ক্ৰেতাই চেন্নাই আৰু নতুন দিল্লীত অৱস্থিত কোম্পানীটোৰ শ্ব’ৰুমত গাড়ীখন বুকিং কৰিব পাৰিব ।

লগতে পঢ়ক:তিনিটাকৈ ভেৰিয়েণ্টত বজাৰত মুকলি MG Windsor EV - MG Windsor EV Prices Revealed

Tata Punch ৰ নতুন মডেল মুকলি; দাম, বৈশিষ্ট্য - Tata Punch Launched

ABOUT THE AUTHOR

...view details