অসম

assam

ETV Bharat / technology

আজি মুকলি হ’ব POCO X7 SERIES; ক’ত, কিদৰে চাব পাৰিব উক্ত মুকলি অনুষ্ঠানটো ? - POCO X7 SERIES LAUNCH STREAMING

আজি ভাৰতত মুকলি কৰা হ’ব POCO X7 Series । এই ফোন ছিৰিজৰ সম্ভাৱ্য স্পেচিফিকেশনৰ সবিশেষ জানক আমাৰ বিস্তৃত প্ৰতিবেদনযোগে ।

poco-x7-and-poco-x7-pro-5g-launch-today-in-india-how-to-watch-live-steaming-in-assamese
আজি মুকলি হ’ব POCO X7 SERIES; ক’ত, কিদৰে চাব পাৰিব মুকলি অনুষ্ঠানটো ? (Poco)

By ETV Bharat Tech Team

Published : 19 hours ago

হায়দৰাবাদ: আজি ভাৰতত মুকলি হ’ব Poco X7 আৰু Poco X7 Pro । Poco ৰ X series প্ৰতি বছৰে ব্যৱহাৰকাৰীয়ে ভাল পায় । এইবাৰো পকোৱে আনিছে নতুন এক্স ছিৰিজ । Poco ৰ এই স্মাৰ্টফোন ছিৰিজটো আজি অৰ্থাৎ 2025 চনৰ 9 জানুৱাৰীত সন্ধিয়া 5.30 বজাত ভাৰতত মুকলি কৰা হ'ব । পকো ইণ্ডিয়াৰ অফিচিয়েল ইউটিউব চেনেলত লাইভ ষ্ট্ৰীম কৰা হ’ব এই ফোনটোৰ মুকলি অনুষ্ঠানটো ।

আজি মুকলি কৰা হ’ব Poco X7 series

ব্যৱহাৰকাৰীয়ে এই ফোন ছিৰিজৰ লাইভ ষ্ট্ৰীমিং পকোৰ ইউটিউব চেনেলত চাব পাৰিব । অৱশ্যে এই মুকলিৰ লাইভ ষ্ট্ৰীমিং লিকটোও আমি এই লেখাটোত শ্বেয়াৰ কৰিম, গতিকে আপুনিও এই লেখাটোৰ জৰিয়তে পোনপটীয়াকৈ এই অনুষ্ঠানটো লাইভ চাব পাৰিব । অৱশ্যে এই ফোন ছিৰিজৰ পূৰ্বে ইয়াৰ কিছুমান স্পেচিফিকেশন প্ৰকাশ পাইছে আৰু কিছুমান স্পেচিফিকেশনৰ লিক হোৱা ৰিপৰ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

ইতিমধ্যে পকোৱে নিশ্চিত কৰিছে যে এই দুয়োটা নতুন ফোন ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টত বিক্ৰী কৰা হ’ব । Poco X7 Series ত থাকিব দুটা ফোন - Poco X7 5G আৰু Poco X7 Pro 5G । কোম্পানীয়ে Poco X7 Pro 5G ৰ বাবে নিশ্চিত কৰিছিল যে এই ফোনটো MediaTek Dimensity 8400 Ultra চিপছেটৰ সৈতে আহিব । ইয়াৰ উপৰিও প্ৰ’ মডেলৰ ভাৰতীয় ভেৰিয়েণ্টত 6550 এমএএইচ কাৰ্বন-চিলিকন বেটাৰীও দিব পাৰি । ইয়াৰ উপৰিও এণ্ড্ৰইড 15 ভিত্তিক হাইপাৰঅ’এছ 2 ইউজাৰ ইন্টাৰফেচত চলা ভাৰতৰ প্ৰথমটো ফোন হ’ব ।

Poco ৰ মতে, Poco X7 5G ত থাকিব 50MP Sony LYT 600 প্ৰাইমেৰী চেন্সৰ, যিটো অপটিকেল ইমেজ ষ্টেবিলাইজেচন (OIS) সমৰ্থনৰ সৈতে আহিব । এই ফোনটোত থাকিব কাৰ্ভড ডিছপ্লে, যিটো 3000 নিটৰ শীৰ্ষ উজ্জ্বলতাৰ সৈতে আহিব । ইয়াৰ উপৰিও এই ফোনটোৰ ডিছপ্লেই পানী আৰু ধূলিৰ পৰা হাত সাৰিবলৈ We Touch Display 2.0 প্ৰযুক্তি আৰু IP69 ৰেটিংও সমৰ্থন কৰিব ।

We Touch Display 2.0 প্ৰযুক্তি হৈছে নতুন প্ৰজন্মৰ টাচ্চ স্ক্ৰীণ প্ৰযুক্তি । এই প্ৰযুক্তিৰ সহায়ত টাচ্চ স্ক্ৰীণ ব্যৱহাৰ কৰাটো আৰু সহজ হৈ পৰে । ভৌতিক বুটামৰ পৰিৱৰ্তে পৰ্দাতেই বুটাম দেখা দিয়ে, যিয়ে ব্যৱহাৰকাৰীৰ কাম কেৱল ইংগিতেৰেহে কৰে । এই প্ৰযুক্তিৰ বাবে ডিভাইচটো ব্যৱহাৰ কৰাটো আগৰ তুলনাত সহজ আৰু সুবিধাজনক হৈ পৰে ।

Poco X7 5G ৰ সম্ভাৱ্য স্পেচিফিকেশন

  • ডিছপ্লে: এই ফোনত 6.67 ইঞ্চি 1.5K AMOLED স্ক্ৰীণ থাকিব পাৰে, যাৰ ৰিজ’লিউচন হ’ব 2712×1220 পিক্সেল । ইয়াৰ ৰিফ্ৰেছ ৰেট 120হাৰ্টজ হ’ব পাৰে । এই ফোনটো HDR10+ আৰু Corning Gorilla Glass Victus 2 প্ৰটেকচনৰ সৈতে আহিব পাৰে ।
  • প্ৰচেছৰ: এই ফোনত প্ৰচেছৰৰ বাবে মিডিয়াটেক ডাইমেনচিটি 7300 আল্ট্ৰা চিপছেট ব্যৱহাৰ কৰিব পাৰিব ।
  • ৰেম আৰু ষ্ট’ৰেজ: ফোনটোত 12GB পৰ্যন্ত ৰেম আৰু 512GB পৰ্যন্ত ষ্ট’ৰেজ থাকিব পাৰে ।
  • বেক কেমেৰা: এই ফোনটোৰ পিছফালে 50 MP (OIS) কেমেৰা, 8MP আল্ট্ৰা ৱাইড এংগল লেন্স আৰু 2MP মেক্ৰ’ লেন্স দিব পাৰিব ।
  • ফ্ৰন্ট কেমেৰা: ইয়াত চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 20MP ফ্ৰন্ট কেমেৰা থাকিব পাৰে ।
  • বেটাৰী আৰু চাৰ্জিং: ফোনটোত 5110mAh বেটাৰী আৰু 45W তাঁৰযুক্ত ফাষ্ট চাৰ্জিং থাকিব বুলি আশা কৰা হৈছে ।

Poco X7 Pro 5G ৰ সম্ভাৱ্য স্পেচিফিকেশন

  • ডিছপ্লে: এই ফোনত 6.67 ইঞ্চি 1.5K AMOLED স্ক্ৰীণ থাকিব পাৰে, যাৰ ৰিজ’লিউচন হ’ব 2712×1220 পিক্সেল । ইয়াৰ ৰিফ্ৰেছ ৰেট 120হাৰ্টজ হ’ব পাৰে । এই ফোনটো HDR10+ আৰু Corning Gorilla Glass Victus 7i প্ৰটেকচনৰ সৈতে আহিব পাৰে ।
  • প্ৰচেছৰ: এই ফোনত প্ৰচেছৰৰ বাবে মিডিয়াটেক ডাইমেনচিটি 8400 আল্ট্ৰা চিপছেট ব্যৱহাৰ কৰিব পাৰিব ।
  • ৰেম আৰু ষ্ট’ৰেজ: ফোনটোত 12GB পৰ্যন্ত ৰেম আৰু 512GB পৰ্যন্ত ষ্ট’ৰেজ থাকিব পাৰে ।
  • পিছফালৰ কেমেৰা: এই ফোনটোৰ পিছফালে 50MP (OIS) কেমেৰা আৰু 8MP আল্ট্ৰা ৱাইড এংগল লেন্স দিব পাৰিব ।
  • ফ্ৰন্ট কেমেৰা: ইয়াত চেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে 20MP ফ্ৰন্ট কেমেৰা থাকিব পাৰে ।
  • বেটাৰী আৰু চাৰ্জিং: ফোনটোত 6550mAh বেটাৰী আৰু 90W তাঁৰযুক্ত ফাষ্ট চাৰ্জিং থাকিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক: OnePlus 13 ৰ পৰা Samsung Galaxy S25 Ultra ৰ উপৰিও বজাৰলৈ শীঘ্ৰে বহু নতুন স্মাৰ্টফোন

ভাৰতত মুকলি হ’ল Poco M7 Pro 5G আৰু Poco C75 5G

9 জানুৱাৰীত Poco ই মুকলি কৰিব Poco X7 আৰু Poco X7 Pro স্মাৰ্টফোন

ABOUT THE AUTHOR

...view details