হায়দৰাবাদ: আমাৰ সৌৰজগতৰ সাতটা গ্ৰহই এক বিৰল গ্ৰহৰ পেৰেডত একাকাৰ হৈ থকাৰ সময়তে এই সপ্তাহত নিশাৰ আকাশখনত দেখিবলৈ পোৱা যাব আন এক আকৰ্ষণীয় দৃশ্য ।
নাছাই জানিবলৈ দিয়া অনুসৰি 2040 চনলৈকে পুনৰ সংঘটিত নহ’ব এই ঘটনা আৰু এই অসাধাৰণ প্ৰান্তিককৰণ চলিত বৰ্ষৰ 28 ফেব্ৰুৱাৰীত শিখৰত উপনীত হ’ব । এই দৃশ্যই জ্যোতিৰ্বিজ্ঞান অনুৰাগী, যিকোনো প্ৰত্যক্ষদৰ্শীৰ লগতে এই প্ৰজন্মৰ বাবে দৰ্শনীয় দৃশ্য হ’ব বুলি জানিবলৈ দিছে ।
নাছাই জনোৱা অনুসৰি মহাকাশত মংগল, বুধ, বৃহস্পতি, শুক্ৰ, শনি, নেপচুন আৰু ইউৰেনাছৰ ‘পেৰেড’ দেখা যাব । আমেৰিকাৰ মহাকাশ সংস্থা নাছাই এই ঘটনা পৃথিৱীৰ পৰাই দৃশ্যমান হ’ব বুলি প্ৰকাশ কৰিছে । নাছাই 2025 চনৰ গ্ৰহ পেৰেড কেনেকৈ চাব পাৰি তাৰ তথ্যও প্ৰদান কৰিছে ।
কি এই গ্ৰহৰ পেৰেড ?
এই বিৰল পৰিঘটনাক নাম দিয়া ‘প্লেনেটৰী পেৰেড’ ৷ ইয়াৰ সৈতে আমাৰ পৰিচিত গ্ৰহৰ কোনো মিল নাই ৷ অৰ্থাৎ গ্ৰহবোৰে সূৰ্যৰ চৌদিশে প্ৰদক্ষিণ কৰি যি এডাল সৰলৰেখাত উপনীত হয় সেয়া এই নহয় ৷ মহাকাশবিজ্ঞানীসকলে জানিবলৈ দিয়া অনুসৰি সেই দিনটোত সকলোবোৰ গ্ৰহ সূৰ্যৰ এটা দিশে থাকিব আৰু এই ঘটনা পৃথিৱীৰ পৰা দেখিবলৈ পোৱা যাব ৷ এই গ্ৰহবোৰ সূৰ্যৰ পৰা এটা দিশে থকা সত্বেও পৃথিৱীৰ পৰা চালে এনে লাগিব যেন এই গ্ৰহবোৰ একেডাল সৰলৰেখাতে আছে । কিন্তু নাছাৰ বিজ্ঞানীসকলে কৈছে যে আচলতে প্ৰতিটো গ্ৰহ একে স্থানতে থাকিব ।
কেতিয়া দেখা যাব ?
নাছাৰ বিজ্ঞানীয়ে জানিবলৈ দিয়া অনুসৰি অহা 28 ফেব্ৰুৱাৰীৰ পৰাই গ্ৰহবোৰে নিৰ্দিষ্ট স্থানলৈ আহিবলৈ আৰম্ভ কৰিব ৷ অৰ্থাৎ সেই স্থানত উপস্থিত হ’ব য’ত প্লেনেটৰী পেৰেড সংঘটিত হ’ব ৷