বিশেষ প্ৰতিবেদন, 3 মে’ : বৰ্তমান দেশৰ কেবা ঠাইতো গুৰুতৰ গ্ৰীষ্মপ্ৰবাহৰ পৰিস্থিতিয়ে বিৰাজ কৰি আছে । ইয়াৰ ফলত আপোনাৰ প্ৰযুক্তি সঁজুলিবোৰ গৰম হোৱাৰ দুৱাৰ মুকলি কৰে । যাৰ ফলত ডিভাইচবোৰৰ সামগ্ৰিক কাৰ্যকৰিতাও লেহেমীয়া হয় । বিশেষকৈ আপোনাৰ স্মাৰ্টফোনটো, যাৰ এক সুৰক্ষিত আভ্যন্তৰীণ তাপমাত্ৰা আছে । এই তাপমাত্ৰা ৰক্ষণাবেক্ষণ কৰা প্ৰয়োজন । অন্যথা ইয়াৰ আয়ুসকাল চুটি হ'ব বা আনকি বিস্ফোৰণো হ'ব পাৰে ।
ফোন গৰম হোৱাৰ কাৰণ
আইঅ'এছ বা এণ্ড্ৰইড হিয়েই নহওক কিয়, এনে বহু কাৰক আছে, যিয়ে আপোনাৰ ফোনটোক অত্যধিক গৰম কৰিব পাৰে । তাৰে ভিতৰত কিছুমান ইয়াত উল্লেখ কৰা হৈছে :
- আপোনাৰ ফোনৰ আভ্যন্তৰীণ তাপমাত্ৰা বৃদ্ধি হোৱাৰ এটা মুখ্য কাৰণ হ'ল যেতিয়া ই পোনপটীয়া সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ আহে বা অত্যাধিক উষ্ণ পৰিৱেশত থাকে ।
- অত্যধিক ফোন ব্যৱহাৰৰ দ্বাৰা আপোনাৰ ফোনৰ বেটাৰীও প্ৰভাৱিত হ'ব পাৰে । উদাহৰণ স্বৰূপে - যদি আপুনি নিৰন্তৰ আপোনাৰ ফোনত ব্যস্ত থাকে তেন্তে আপোনাৰ ফোনৰ বেটাৰীয়েও অতিৰিক্ত সময় কাম কৰিব লাগিব আৰু ফলস্বৰূপে আপোনাৰ ফোনটো অত্যধিক গৰম হ'ব পাৰে ।
- বেকগ্ৰাউণ্ডত কাম কৰি থকা অত্যধিক এপৰ ফলত আপোনাৰ ফোনটো অত্যধিক গৰম হ'ব পাৰে । আপোনাৰ ডিভাইচৰ পৰা কেচ্ছ পৰিষ্কাৰ কৰি থাকিবলৈ সদায় মনত ৰাখিব ।
- অত্যধিক গৰম হোৱাৰ আন এটা কাৰণ হ'ল নিয়মীয়া ব্যৱধানত বাৰে বাৰে চাৰ্জ দিয়া বা অত্যধিক চাৰ্জ দিয়া ।
আপোনাৰ ফোনটো ঠাণ্ডা কৰি ৰখাৰ 5 টা সহজ উপায়
1. আপোনাৰ ফোনটো ছুইচ অফ বা ৰিষ্টাৰ্ট কৰক
যদি আপোনাৰ স্মাৰ্টফোনটো গৰম হোৱাৰ পাচত হেং হ'বলৈ বা লাহে লাহে কাম কৰা আৰম্ভ কৰে, আপুনি কিছু সময়ৰ বাবে আপোনাৰ ডিভাইচটো অফ কৰিব পাৰে বা ইয়াক ৰিষ্টাৰ্ট কৰিব পাৰে । যদি গৰম হোৱা ডিভাইচ এটা বন্ধ নকৰাকৈ কাৰ্যকৰী কৰা হয়, তেতিয়া তাৰ বডীৰ তাপ বৃদ্ধি হয় । যাৰ ফলত ই বিকলৰ দিশে আগবাঢ়িব পাৰে ।
2. স্ক্ৰীণৰ উজ্জ্বলতা কম কৰক