হায়দৰাবাদ: 2025 চনৰ 7 জানুৱাৰীত ৱানপ্লাছে ভাৰতত নিজৰ ফ্লেগশ্বিপ লাইনআপৰ নতুন স্মাৰ্টফোন ছিৰিজ মুকলি কৰে, য’ত দুটা ফোন অন্তৰ্ভুক্ত কৰা হৈছে । এই ফোনসমূহ হৈছে OnePlus 13 আৰু OnePlus 13R । এই স্মাৰ্টফোনটোত বহুতো উন্নত ফিচাৰ আছে যেনে AI ফিচাৰ, Qualcomm Snapdragon 8 Elite chipset, new Silicon NanoStack battery ইত্যাদি । এই সকলোবোৰৰ বাহিৰেও OnePlus 13 ত আন এটা বিশেষ বৈশিষ্ট্য আছে, যিটোৰ বিষয়ে সমগ্ৰ দেশতে চৰ্চা চলি আছে । জিঅ’ৰ সৈতে সহযোগিতা কৰি ভাৰতত 5.5G (এডভান্সড 5G) নেটৱৰ্কৰ সুবিধা প্ৰদান কৰা ৱানপ্লাছ 13 ভাৰতৰ প্ৰথমটো ডিভাইচ হিচাপে পৰিগণিত হৈছে ।
এই ফোনটোৰ মুকলি অনুষ্ঠানৰ সময়ত ৱানপ্লাছৰ জ্যেষ্ঠ গ্ল’বেল পি আৰ মেনেজাৰ জেমছ পেটাৰছনে ব্যাখ্যা কৰে যে উন্নত 5.5G প্ৰযুক্তিয়ে ৱানপ্লাছ 13 ছিৰিজৰ ডিভাইচসমূহক একেলগে তিনিটা ভিন্ন নেটৱৰ্ক চেল (যিবোৰ বিভিন্ন টাৱাৰৰ পৰাও হ’ব পাৰে)ৰ সৈতে সংযোগ কৰিবলৈ অনুমতি দিয়ে । ই সংযোগ দ্ৰুত কৰে আৰু সামগ্ৰিক পৰিৱেশন উন্নত কৰে ।
5.5G নেটৱৰ্ক কি?
5.5G নেটৱৰ্কক 5G এডভান্সড বুলিও কোৱা হয় । ই হৈছে 5G প্ৰযুক্তিৰ পৰৱৰ্তী পদক্ষেপ । ই 5G ৰ তুলনাত উন্নত গতি, কম বিলম্ব, উন্নত নেটৱৰ্ক নিৰ্ভৰযোগ্যতা, সম্প্ৰসাৰিত সংযোগ আৰু সংহত বুদ্ধিমত্তাৰ দৰে নতুন বৈশিষ্ট্য প্ৰদান কৰে ।