অসম

assam

‘নিৰ্ভয় ৰিং গান’ এ নাৰীক প্ৰদান কৰিব পাৰিবনে সুৰক্ষা ? - Crime Against Women

By ETV Bharat Tech Team

Published : Sep 11, 2024, 11:37 AM IST

Updated : Sep 11, 2024, 5:33 PM IST

Gadget Against Rapists Molesters: সমগ্ৰ দেশজুৰি নাৰীৰ এপৰত নিৰ্যাতন উদ্বেগজনকভাৱে বৃদ্ধি হৈছে ৷ এই সময়তে দুগৰাকীকৈ শিক্ষাৰ্থীয়ে নিৰ্মাণ কৰি উলিয়াইছে সুৰক্ষা সম্বন্ধীয় এক যন্ত্ৰ ৷ উদ্ধাৱনী চিন্তা খটুৱাই অতি কম খৰচতে নিৰ্মাণ কৰি উলিওৱা এই যন্ত্ৰটোৱে বিপদত পৰা এগৰাকী নাৰীক সুৰক্ষা প্ৰদান কৰিব বুলি আশা কৰিছে শিক্ষাৰ্থী দুগৰাকীয়ে ৷ ক’ত, কোনে, কেনেদৰে নিৰ্মাণ কৰি উলিয়াইছে এই যন্ত্ৰবিধ জানো আহক---

Etv Bharat
‘নিৰ্ভয় ৰিং গান’ এ নাৰীক প্ৰদান কৰিব পাৰিবনে সুৰক্ষা ? (ETV Bharat)

নিউজ ডেস্ক, 11 ছেপ্টেম্বৰ:দেশত বৃদ্ধি হৈছে নাৰীজনিত অপৰাধৰ ঘটনা ৷ বৰ্তমান সময়ত ঘৰে-বাহিৰে কতোৱেই নাৰী সুৰক্ষিত নহয় যেন পৰিলক্ষিত হৈছে ৷ এই সময়তে নাৰীৰ সুৰক্ষাৰ কথা চিন্তা কৰি দুগৰাকী ছাত্ৰীয়ে নিৰ্মাণ কৰি উলিয়াইছে এবিধ যন্ত্ৰ ৷গোৰখপুৰৰ ইনষ্টিটিউট অৱ টেকন’লজি এণ্ড মেনেজমেণ্টৰ (ITM)ৰ দুগৰাকী ছাত্ৰীয়ে নিৰ্মাণ কৰিছে এক অস্বাভাৱিক আঙঠি, যাৰ নাম ‘নিৰ্ভয় ৰিং গান’, যিটো এগৰাকী নাৰীয়ে নিৰ্যাতনকাৰী, ধৰ্ষণকাৰী আৰু অন্যান্য দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ফলপ্ৰসূ প্ৰতিৰক্ষাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব পাৰিব বুলি ছাত্ৰী দুগৰাকীয়ে আশা কৰিছে ।

‘নিৰ্ভয় ৰিং গান’ এ নাৰীক প্ৰদান কৰিব পাৰিবনে সুৰক্ষা ? (ETV Bharat)

আই টি এমৰ বি চি এৰ ছাত্ৰী অংকিতা ৰায় আৰু অংশীকা তিৱাৰীয়ে মহাবিদ্যালয়খনৰ উদ্ভাৱনী কোষৰ সহায়ত এই বিশেষ যন্ত্ৰটো উদ্ভাৱন কৰে । তেওঁলোকে কয় যে এই যন্ত্ৰটোৱে দুস্কৃতিকাৰীক উচিত শিক্ষা দিব আৰু ইয়ে মহিলাৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা নিৰ্যাতন আৰু ধৰ্ষণৰ ঘটনা ৰোধ কৰাত উপযোগী হ’ব ।

‘নিৰ্ভয় ৰিং গান’ এ নাৰীক প্ৰদান কৰিব পাৰিবনে সুৰক্ষা ? (ETV Bharat)

ছাত্ৰীদুগৰাকীয়ে এই সন্দৰ্ভত কয়, "আঙঠিটোত দুটা বুটাম আছে । এটা বুটাম ব্লুটুথৰ জৰিয়তে মোবাইলৰ সৈতে সংযোগ কৰে আৰু জৰুৰীকালীন অৱস্থাত ব্যৱহাৰ কৰি পৰিয়াল আৰু বন্ধু-বান্ধৱীলৈ ফোন আৰু স্থান প্ৰেৰণ কৰিব পাৰি । ৰঙা ৰঙৰ আন এটা বুটামে জোৰেৰে শূন্য গুলীচালনাৰ শব্দ কৰি মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে ।

‘নিৰ্ভয় ৰিং গান’ এ নাৰীক প্ৰদান কৰিব পাৰিবনে সুৰক্ষা ? (ETV Bharat)

ৰিংগানটোৰ ওজন প্ৰায় 50-60 গ্ৰাম আৰু যিকোনো মোবাইল চাৰ্জাৰেৰে এই সুৰক্ষা প্ৰদানকাৰী যন্ত্ৰটো চাৰ্জ কৰিব পাৰি বুলি ছাত্ৰীদুগৰাকীয়ে জনায় । শিক্ষাৰ্থী দুগৰাকীয়ে কলকাতাত কনিষ্ঠ মহিলা চিকিৎসকগৰাকীৰ ওপৰত চলোৱা যৌন উৎপীড়নৰ ঘটনা সন্দৰ্ভতো প্ৰতিক্ৰিয়া আগবঢ়াই সমগ্ৰ দেশ এই কাণ্ডক লৈ লজ্জিত বুলি উল্লেখ কৰে ।

‘নিৰ্ভয় ৰিং গান’ এ নাৰীক প্ৰদান কৰিব পাৰিবনে সুৰক্ষা ? (ETV Bharat)

লগতে, মহিলাৰ সৈতে এনে কাণ্ড ৰোধ কৰাৰ ক্ষেত্ৰত আৰু তেওঁলোকৰ আত্মৰক্ষাৰ বাবে তেওঁলোকৰ এই ডিভাইচটো অতি ফলপ্ৰসূ বুলি দাবী কৰে শিক্ষাৰ্থী দুগৰাকীয়ে ।

আই টি এমৰ সঞ্চালক ড০ এন কে সিঙে এই সন্দৰ্ভত কয়, "এনে সৰু সৰু সৃষ্টিশীল চিন্তাই দেশ আৰু সমাজৰ সমস্যা সমাধান কৰিব পাৰে । ছাত্ৰীদুগৰাকীয়ে নিৰ্মাণ কৰা নিৰ্ভয় আঙঠিৰে বিপদৰ সময়ত মহিলাসকলে নিজকে ৰক্ষা কৰিব পাৰিব । এনে যন্ত্ৰৰ ওপৰত বিস্তৃত গৱেষণা কৰাৰ প্ৰয়োজন আছে ।"

‘নিৰ্ভয় ৰিং গান’ এ নাৰীক প্ৰদান কৰিব পাৰিবনে সুৰক্ষা ? (ETV Bharat)

সিঙে পুনৰ কয়, "আঙঠিটো বনাবলৈ ছাত্ৰসকলক দুসপ্তাহ সময়ৰ প্ৰয়োজন হৈছিল আৰু ইয়াৰ বাবে 1500 টকা খৰচ হৈছিল । আমি ইয়াক বনাবলৈ 10 মিমি ধাতুৰ পাইপ, ব্লুটুথ মডিউল, 3.7 ভল্টৰ নেনো বেটাৰী, চুইচ আৰু ধাতুৰ আঙঠি ব্যৱহাৰ কৰিছিলো ।"

‘নিৰ্ভয় ৰিং গান’ এ নাৰীক প্ৰদান কৰিব পাৰিবনে সুৰক্ষা ? (ETV Bharat)

এই কৃতিত্বৰ শিক্ষাৰ্থীসকলক সম্বৰ্ধনা জনায় শৈক্ষিক প্ৰতিষ্ঠানটোৱে ৷

লগতে পঢ়ক:ৰক্ষকে হ’ল ভক্ষক; নিজ ককাকৰ কামনাৰ বলি হ’ল নাতিনী - Attempt To Rape

কে ভি আৰ বিদ্যাসাগৰৰ বিৰুদ্ধে যৌন অত্যাচাৰৰ অভিযোগ কাদম্বৰী জেঠৱানীৰ - ACTRESS KADAMBARI JETHWANI CASE

মহিলা-শিশুৰ ওপৰত নিৰ্যাতনৰ গোচৰ : সময়নিৰ্ধাৰিত ন্যায় প্ৰদানেই একমাত্ৰ চাবি-কাঠী - Crime Against Women Children

Last Updated : Sep 11, 2024, 5:33 PM IST

ABOUT THE AUTHOR

...view details