নিউজ ডেস্ক, ১৬ আগষ্ট :ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ মুৰব্বী এছ সোমনাথে কয় যে শুকুৰবাৰে সফলতাৰে উৎক্ষেপণ কৰা পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ-৮ (ই অ' এছ-৮) সঠিক কক্ষপথত স্থাপন কৰা হৈছে । ইছৰোৰ মুৰব্বীগৰাকীয়ে শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা উপগ্ৰহটোৰ এই সফল উৎক্ষেপণত আনন্দ প্ৰকাশ কৰি কয় যে পৰৱৰ্তী কাৰ্যসূচীটো হৈছে বাণিজ্যিক উদ্দেশ্যৰ বাবে ইয়াক নিৰ্মাণ আৰু উৎক্ষেপণ কৰা ।
শ্ৰীহৰিকোটাত এক যুটীয়া সংবাদমেল সম্বোধন কৰি ইছৰোৰ মুৰব্বীয়ে কয়, "এইটো এটা অতি সফল অভিযান আছিল । আজিৰ তাৰিখত উপলব্ধ তথ্য মতে, উপগ্ৰহটো সঠিক কক্ষপথত স্থাপন কৰা আৰু সকলো পৃথকীকৰণ প্ৰক্ৰিয়া অভিযান প্ৰায় 100 শতাংশ সফল হৈছে । এই তৃতীয় উন্নয়নমূলক উৎক্ষেপণৰ জৰিয়তে এছ এছ এল ভিৰ উন্নয়ন কাৰ্যসূচী সম্পূৰ্ণ হোৱাৰ বাবে আমি অত্যন্ত সুখী ।"
পূৰ্বৰ অভিযানবোৰৰ কথা স্মৰণ কৰি সোমনাথে কয় যে প্ৰথম উৎক্ষেপণৰ সময়ত যিটো প্ৰায় সফল হোৱাৰ পথত থাকিও বিফল হৈছিল, সেইটো কক্ষপথটো অলপ চুটি হোৱাৰ ফলত কক্ষপথত স্থাপন কৰাৰ কিছু সময়ৰ পিচত উপগ্ৰহটো পৃথিৱীলৈ পুনৰ ঘূৰাই অনা হৈছিল ।
তেওঁ কয়, "আমি ইয়াৰ সংশোধন কৰিছিলোঁ আৰু দ্বিতীয়টো ৰকেট খুব ভালদৰে গৈছিল আৰু তাৰ পিচত আমি এই তৃতীয় উন্নয়নমূলক উৎক্ষেপণটো কৰিছোঁ ।"
উল্লেখ্য, এছ এছ এল ভি-ডি3 (SSLV-D3) আছিল এছ এছ এল ভিৰ তৃতীয় আৰু অন্তিম উন্নয়নমূলক উৎক্ষেপণ । ২০২২ চনৰ ৭ আগষ্টত এছ এছ এল ভিৰ প্ৰথমটো উৎক্ষেপণ বিফল হৈছিল । কিন্তু ২০২৩ চনৰ ১০ ফেব্ৰুৱাৰীত ইয়াৰ দ্বিতীয়টো উৎক্ষেপণ সফল হৈছিল ।