অসম

assam

ETV Bharat / technology

হোৱাটছএপ আৰু ফেচবুকত দেখিবলৈ পোৱা নীলা বৃত্তটোৱে ভবাই তুলিছে নেকি আপোনাক ? - Meta AI llama on platforms

Meta AI llama on platforms : হোৱাটছএপ আৰু ফেচবুকত উপলব্ধ হ’ল মেটা এ আই লামা (META AL LLAMA) ৷ ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব লাগে আৰু ই কোনেদৰে কাম কৰে জানি লওক-

By ETV Bharat Assamese Team

Published : Jul 9, 2024, 1:39 PM IST

meta ai llama on whatsapp and facebook know how to use it and what are its functions
নীলা বৃত্তটোৱে কৰে কি (Meta)

আপুনিও হোৱাটছএপ-ফেচবুকত এটা নীলা বৃত্ত দেখা পাইছে নেকি ? ইয়াৰ কাম কি আৰু ইয়াক কেনেকৈ ব্যৱহাৰ কৰিব লাগে জানেনে ?

এ আইৰ জগতখনত প্ৰৱেশ কৰিছে মেটাই । মেটাই ইয়াৰ সকলো প্লেটফৰ্মতে ব্যৱহাৰকাৰীসকলক Llama-3 নামৰ এটা চেট বট (Chat Bot) সুবিধা প্ৰদান কৰিছে । বিগত কেইদিনমানৰ পৰা হোৱাটছএপ, ফেচবুক আৰু ইনষ্টাগ্ৰামত নীলা বৃত্ত দেখা গৈছে । মোবাইলটোত অকস্মাতে এই নীলা বৃত্তটো দেখি বহু লোক চিন্তিত হৈ পৰিছে । মোবাইলটোত দৈনিক ব্যৱহাৰ কৰি থকা প্লেটফৰ্মবোৰত দেখা পোৱা এই নীলা বৃত্তটোৰ কাম কি সেয়া বুজিব পৰা নাই বহুতে । দৰাচলতে এই নীলা বৃত্তটোৱে মেটাৰ স্মাৰ্ট এচিষ্টেণ্ট মেটা এ আইক প্ৰতিনিধিত্ব কৰে ।

এই AI সহায়ক ভাৰতৰ ব্যৱহাৰকাৰীয়ে বিনামূলীয়াকৈ ব্যৱহাৰ কৰিব পাৰিব আৰু ই ব্যৱহাৰৰ বাবে উপলব্ধ । দুমাহ পূৰ্বে মেটা এ আই মুকলি কৰা হৈছিল যদিও কেইখনমান দেশতহে ই উপলব্ধ আছিল । এতিয়া ভাৰততো ইয়াক মুকলি কৰা হৈছে ।

এ আই মডেলে কি কৰিব পাৰে ?

মেটা এ আই এটা অতি উন্নত এ আই মডেল । ই আপোনাক প্ৰশ্নৰ উত্তৰ দিব পাৰে । আপোনাৰ বাবে সমল সৃষ্টি কৰিব পাৰে, এ আই ফটো সৃষ্টি কৰিব পাৰে, পেৰাগ্ৰাফ সৃষ্টি কৰিব পাৰে আৰু ভাষা অনুবাদ কৰিব পাৰে । ইয়াক ইমেইল লিখা আৰু সমল সৃষ্টি কৰাৰ দৰে কামৰ বাবেও ব্যৱহাৰ কৰিব পাৰি । এই এ আই মডেলটো এল এল এম এ 3 মডেলৰ ওপৰত আধাৰিত, যি হৈছে বিশ্বৰ আটাইতকৈ উন্নত ভাষা মডেলবোৰৰ ভিতৰত এটা ।

কেনেদৰে ব্যৱহাৰ কৰিব ?

ইয়াক ব্যৱহাৰ কৰিবলৈ, প্ৰথমে আপোনাৰ যিকোনো ডিভাইচত হোৱাটছএপ খোলক । ইয়াৰ পিচত, চেট শাখালৈ যাওক য'ত আপুনি সোঁফালে নীলা ৰঙৰ এটা সৰু বৃত্ত দেখিবলৈ পাব । ইয়াত ক্লিক কৰক । আইকনটোত ক্লিক কৰিলে আপোনাক মেটা এ আইৰ লামা-3লৈ লৈ যাব । ইয়াত ব্যৱহাৰৰ চৰ্তটো পঢ়ক আৰু ইয়াক গ্ৰহণ কৰক ।

ইয়াৰ পিচত, এতিয়া টাইপিং বাকচত আপোনাৰ প্ৰশ্নটো টাইপ কৰক আৰু ছেণ্ড বুটামটো টিপক । মেটা এ আইৰ সঁহাৰিৰ বাবে অপেক্ষা কৰক । কেইছেকেণ্ড মানৰ ভিতৰতে আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰ পাব ।

Facebook Messenger ত Meta AI কেনেকৈ ব্যৱহাৰ কৰিব

যদি আপুনি ফেচবুক মেচেঞ্জাৰ ব্যৱহাৰ কৰে তেন্তে ইয়াতো এই বৈশিষ্ট্য ব্যৱহাৰ কৰিব পাৰে । ফেচবুক মেচেঞ্জাৰত মেটা এ আই ব্যৱহাৰ কৰিবলৈ প্ৰথমে ফেচবুক মেচেঞ্জাৰ খোলক । ইয়াত তলত আপুনি এটা নীলা বৃত্ত দেখা পাব । তাত ক্লিক কৰি বাৰ্তা বাকচত আপোনাৰ প্ৰশ্নটো টাইপ কৰক । ইয়াৰ পিচত আপুনি উত্তৰ পাব ।

লগতে পঢ়ক :গুগল মেপ এৰি ইন-হাউছ নেভিগেশ্বন ব্যৱহাৰ অ’লাৰ - ola google maps

ABOUT THE AUTHOR

...view details