অসম

assam

ETV Bharat / technology

বজাৰত মুকলি মাৰুতি Celerio ৰ সীমিত সংস্কৰণ - MARUTI CELERIO LIMITED EDITION

মাৰুতি চুজুকীয়ে তেওঁলোকৰ জনপ্ৰিয় হেচবেক মাৰুতি Celerio ৰ সীমিত সংস্কৰণ মুকলি কৰিছে । এই গাড়ীখনৰ এক্স শ্ব’ৰুম মূল্য 4.99 লাখ টকা ।

maruti-suzuki-celerio-limited-edition-introduced-for-limited-time-period-price-features
বজাৰত মুকলি মাৰুতি Celerio ৰ সীমিত সংস্কৰণ (Maruti Suzuki)

By ETV Bharat Tech Team

Published : Dec 19, 2024, 3:47 PM IST

হায়দৰাবাদ: দেশৰ বৃহৎ গাড়ী নিৰ্মাতা কোম্পানী Maruti Celerioয়ে মুকলি কৰিছে জনপ্ৰিয় হেচবেক মাৰুতি Celerio ৰ সীমিত সংস্কৰণ । কোম্পানীটোৱে এই গাড়ীখন 4.99 লাখ টকা (এক্স শ্ব’ৰুম) মূল্যত মুকলি কৰিছে । 11 হাজাৰ টকাৰ বিনামূলীয়া আনুষংগিক সামগ্ৰীৰে মুকলি কৰা হৈছে নতুন সীমিত সংস্কৰণৰ Celerio ।

এই অফাৰটো 2024 চনৰ 20 ডিচেম্বৰলৈকে উপলব্ধ । উল্লেখযোগ্য যে, নতুন লিমিটেড এডিচন সংস্কৰণটো চলিত বৰ্ষৰ আৰম্ভণিতে মুকলি কৰা ড্ৰিম ছিৰিজৰ ওপৰত ভিত্তি কৰি কৰা যেন লাগে আৰু হেচবেকৰ তলৰ ভেৰিয়েন্টত কেইবাটাও কচমেটিক আৰু ফিচাৰ এক্সেচৰিজ সজ্জিত কৰা হৈছে ।

সম্ভাৱ্য গ্ৰাহকৰ বাবে এই অফাৰ আকৰ্ষণীয় কৰি তুলিবলৈ চলিত বৰ্ষৰ শেষৰ ফালে নতুন মাৰুতি চুজুকি Celerio লিমিটেড এডিচন প্ৰৱৰ্তন কৰা হৈছে । বিনামূলীয়া আনুষংগিক সামগ্ৰীৰ কথা ক’বলৈ গ’লে তালিকাখনত আছে এটা বাহ্যিক বডি কিট, ক্ৰ’ম ইনছাৰ্টৰ সৈতে চাইড মল্ডিং আৰু এটা ছাদৰ স্পয়লাৰ । ইয়াৰ উপৰিও কেবিনত টুইন ৰঙৰ দুৱাৰৰ চিল গাৰ্ড আৰু ফেন্সি ফ্ল’ৰ মেট আছে ।

মাৰুতি চুজুকি Celerio ৰ বৈশিষ্ট্য

ইয়াত উপলব্ধ বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে এই হেচবেকৰ টপ-স্পেক ভেৰিয়েণ্টত স্মাৰ্টফোন নেভিগেচনৰ সৈতে 7 ইঞ্চিৰ টাচস্ক্ৰীণ ইনফ’টেইনমেণ্ট চিষ্টেম পোৱা গৈছে । ইয়াত এপল কাৰপ্লে আৰু এণ্ড্ৰইড অটো কানেক্টিভিটি সমৰ্থন কৰা হৈছে । ইয়াৰ বাহিৰেও, কিলেছ এণ্ট্ৰি, পুছ-বুটাম ষ্টাৰ্ট-ষ্টপৰ লগতে আৰু বহুতো সুবিধা উপলব্ধ । সুৰক্ষা বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে ইয়াত আছে ডুৱেল এয়াৰবেগ, ইবিডিৰ সৈতে এবিএছ, ইএছপি, ৰিভাৰ্ছ পাৰ্কিং চেন্সৰ আৰু এএমটি ভেৰিয়েণ্টত হিল হোল্ড এচিষ্ট ।

মাৰুতি চুজুকি Celerio ৰ স্পেচিফিকেশন

নতুন সীমিত সংস্কৰণৰ Celerioখনত কোনো যান্ত্ৰিক ক্ষেত্ৰত কোনো পৰিৱৰ্তন কৰা হোৱা নাই । এই এণ্ট্ৰি লেভেল হেচবেকখনত ইতিমধ্যে পৰীক্ষা সম্পন্ন হোৱা 1.0 লিটাৰ, তিনি চিলিণ্ডাৰ, কে ছিৰিজ পেট্ৰ’ল ইঞ্জিন সংযোগ কৰা হৈছে, যিয়ে 66 বিএইচপি শক্তি আৰু 89 এনএম শীৰ্ষ টৰ্ক উৎপন্ন কৰে ।

ইয়াক 5 স্পীড মেনুৱেল আৰু এএমটি গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে । একেটা ইঞ্জিন ডিটিউন কৰা চেটআপৰ সৈতে চিএনজি ভেৰিয়েণ্টতো ব্যৱহাৰ কৰা হয় । চিএনজি ইন্ধনত একেটা ইঞ্জিনে 56 বিএইচপি শক্তি আৰু 82.1 এনএম শীৰ্ষ টৰ্ক উৎপন্ন কৰে । ইয়াক কেৱল 5 স্পীড মেনুৱেল গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হৈছে ।

মাৰুতি চুজুকিCelerio ৰ মাইলেজ

দেশৰ ভিতৰত উপলব্ধ আটাইতকৈ ইন্ধন ক্ষমতাসম্পন্ন গাড়ীসমূহৰ ভিতৰত অন্যতম মাৰুতি চেলেৰিঅ’ ৷পেট্ৰ’ল-মেনুৱেল ভেৰিয়েণ্টে প্ৰতি লিটাৰত 25.24 কিলোমিটাৰ পৰ্যন্ত মাইলেজ প্ৰদান কৰাৰ বিপৰীতে পেট্ৰ’ল-এএমটি ভেৰিয়েণ্টে প্ৰতি লিটাৰত 26.68 কিলোমিটাৰ পৰ্যন্ত মাইলেজ প্ৰদান কৰে । আনহাতে এই গাড়ীখনে চিএনজিত প্ৰতি কিলোগ্ৰামত 34.43 কিলোমিটাৰ মাইলেজ প্ৰদান কৰে । এই সকলোবোৰ পৰিসংখ্যা এ আৰ আইৰ দ্বাৰা প্ৰমাণিত ।

লগতে পঢ়ক: Skoda এ মুকলি কৰিব CNG চালিত গাড়ী

2024 বৰ্ষৰ কোনখন Maruti Dzire আপোনাৰ বাবে শ্ৰেষ্ঠ হ’ব ?

6.79 লাখ টকাত বজাৰত মুকলি Maruti Dzire compact sedan

ABOUT THE AUTHOR

...view details