নিউজ ডেস্ক, 4 অক্টোবৰ:মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা লিমিটেডে জনোৱা মতে, শেহতীয়াকৈ মুকলি কৰা Mahindra Thar Roxx এ ভাৰতীয় গ্ৰাহকৰ পৰা লাভ কৰিছে অভূতপূৰ্ব সঁহাৰি । কোম্পানীটোৱে জনোৱা মতে, এই গাড়ীখনৰ বুকিং পুৱা 11 বজাত মুকলি কৰা হয় আৰু মাত্ৰ ৬০ মিনিট অৰ্থাৎ 1 ঘণ্টাৰ ভিতৰতে 1,76,218 খন গাড়ী বুকিং কৰে গ্ৰাহকে । এই বৰ্ধিত চাহিদাই Mahindra Thar ৰেঞ্জৰ শেহতীয়া সংস্কৰণৰ প্ৰতি গ্ৰাহকৰ প্ৰবল আগ্ৰহক প্ৰতিফলিত কৰিছে ।
ভাৰতীয় অটো নিৰ্মাতা কোম্পানীটোৰ মতে, Mahindra Thar Roxx ৰ ডেলিভাৰী দশেৰাৰ শুভ ক্ষণত আৰম্ভ হ’ব । অহা তিনি সপ্তাহত গ্ৰাহকক পৰ্যায়ক্ৰমে ডেলিভাৰী আপডেট প্ৰদান কৰাৰ পৰিকল্পনা কৰিছে কোম্পানীটোৱে । এই অফ-ৰোডিং SUV খন সকলো অনুমোদিত মহিন্দ্ৰা ডিলাৰশ্বিপ আৰু কোম্পানীটোৰ ৱেবছাইটৰ জৰিয়তে বুকিং কৰিব পৰা যাব ।
গ্ৰাহকলৈ কৃতজ্ঞতা মহিন্দ্ৰাৰ
এই সঁহাৰিত আচৰিত হৈ কোম্পানীটোৰ অধ্যক্ষ আনন্দ মহিন্দ্ৰাই ছ'চিয়েল মিডিয়া প্লেটফৰ্ম X ত কয়, "মোৰ সম্পূৰ্ণ আত্মবিশ্বাস আছিল ৷ ইয়াৰ পিছতো এইটোৱে মোৰ সৰ্বোচ্চ আশাকো অতিক্ৰম কৰিছে । প্ৰথমেই আমাৰ প্ৰতিজন গ্ৰাহকলৈ বৃহৎ ধন্যবাদ । এই ব্ৰেণ্ডটো গঢ়ি তোলাত আমাক সহায় কৰাৰ বাবে আৰু তেওঁলোকৰ হৃদয়ত ৰখাৰ বাবে আৰু তাৰ পিছত দল @Mahindra_Auto লৈ, তেওঁলোকৰ আকাশ স্পৰ্শ কৰাৰ ইচ্ছা আৰু ক্ষমতাৰ বাবে বহুত বহুত ধন্যবাদ ।"
মূল্য