হায়দৰাবাদ: বৃহস্পতিবাৰে ছেমছাঙে গেলাক্সি S25 ছিৰিজ মুকলি কৰে । গেলাক্সি S25, গেলাক্সি S25+ আৰু গেলাক্সি S25 আল্ট্ৰাকে ধৰি এই ছিৰিজ ভাৰতত নিৰ্মাণ কৰা হ’ব বুলি নিশ্চিত কৰা হৈছে ।
ছিৰিজটো মুকলিৰ সময়ত ছেমছাঙৰ দক্ষিণ-পশ্চিম এছিয়াৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া জে বি পাৰ্কে নতুন লাইনআপ আৰু ইয়াৰ লগত জড়িত AI বৈশিষ্ট্যসমূহৰ বিষয়ে কয় । দেশত নতুন যন্ত্ৰ নিৰ্মাণৰ কথাও তেওঁ নিশ্চিত কৰে ।
তেঁও কয়, "মই এই কথা জনাবলৈ পাই সুখী অনুভৱ কৰিছো যে নতুন গেলাক্সি S25 ছিৰিজ আমাৰ নয়ডাস্থিত কাৰখানাত নিৰ্মাণ কৰা হ'ব ।”
এপল আৰু ছেমছাঙৰ দৰে কোম্পানীয়ে দেশত উৎপাদন বৃদ্ধি কৰাৰ লগে লগে মেড ইন ইণ্ডিয়া স্মাৰ্টফোনে দেশখনক ৰপ্তানিৰ ক্ষেত্ৰত স্থান লাভ কৰাত সহায় কৰি আহিছে । ভাৰতৰ শীৰ্ষ পাঁচটা ৰপ্তানিৰ ভিতৰত এতিয়া অটোমোটিভ ডিজেল ইন্ধন, স্মাৰ্টফোন, বিমান ইন্ধন, হীৰা, আৰু মটৰ গেছলিন আদি অন্তৰ্ভুক্ত ।
চলিত মাহৰ আৰম্ভণিতে কেন্দ্ৰীয় ৰে’ল আৰু ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ঘোষণা কৰিছিল যে ভাৰতৰ ৰপ্তানিৰ ক্ষেত্ৰত এতিয়া স্মাৰ্টফোন দ্বিতীয় স্থানত আছে ৷ চাৰি বছৰৰ পূৰ্বে 14 নম্বৰ স্থানত আছিল স্মাৰ্টফোন । এই বৃদ্ধিৰ মূলতে হৈছে প্ৰডাক্টিভ লিংকড ইনচেনচিটিভ (পিএলআই) আঁচনি, যিয়ে ইলেক্ট্ৰনিক সামগ্ৰীৰ ঘৰুৱা উৎপাদনক প্ৰসাৰিত কৰে বুলি মন্ত্ৰীগৰাকীয়ে কয় ।