নিউজ ডেস্ক, ৩০ মাৰ্চ :মেটা-মালিকানাধীন মেচেজিং এপ হোৱাটছএপয়ে এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলৰ বাবে আনুষ্ঠানিকভাৱে নতুন নিম্ন নেভিগেচন বাৰ মুকলি কৰিছে । আপডেট কৰা নেভিগেশ্বন বাৰটোৱে পুৰণি উৰ্ধৰ নেভিগেশ্বন বাৰটো সলনি কৰিছে আৰু ইয়াত নতুন 'কমিউনিটিজ' শাখা অন্তৰ্ভুক্ত কৰিছে ।
এক্সত হোৱাটছএপয়ে শ্বেয়াৰ কৰা এটা পোষ্ট অনুসৰি, আপডেট কৰা নেভিগেশ্বন বাৰটোৱে 'ষ্টেটাছ'ৰ সলনি 'আপডেট' অন্তৰ্ভুক্ত কৰিছে । এক্স পোষ্টৰ মতে নতুন নেভিগেশ্বন বাৰত ৪ টা বিকল্প আছে : 'চাটছ', 'আপডেট', 'কমিউনিটিজ' আৰু 'কলচ' । হোৱাটছএপ বিটা ব্যৱহাৰকাৰীসকলে যোৱা কেইমাহমান ধৰি নতুন নেভিগেশ্বন বাৰৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে । কিন্তু কিছুমান ব্যৱহাৰকাৰীৰ মতে এই সেৱা কেতিয়াবা নাইকিয়া হৈ যায় ।
হোৱাটছএপয়ে দাবী কৰিছে যে নতুন নিম্ন নেভিগেশ্বন বাৰটো 'বুঢ়া আঙুলিৰ ওচৰত' থাকে, আনহাতে ডিজাইনটো বুজিবলৈ অতি সহজ । হোৱাটছএপয়ে এক্সৰ জৰিয়তে এই ডিজাইন আপডেট ঘোষণা কৰি কয় যে ই ব্যৱহাৰকাৰীক প্ৰয়োজন হ'লে প্ৰয়োজনীয় বস্তুবোৰ সহজে ইফালে সিফালে স্থানান্তৰ কৰিব পৰাকৈ ইয়াক ডিজাইন কৰা হৈছে । নতুন নেভিগেশ্বন বাৰক লৈ একাংশ ব্যৱহাৰকাৰী অৱশ্যে অসন্তুষ্ট হোৱাও দেখা গৈছে ।