ম’বাইল ফোন আমাৰ দৈনন্দিন জীৱনৰ এটা অপৰিহাৰ্য সামগ্ৰী ৷ পুৱা শুই উঠাৰ পৰা ৰাতি টোপনি যোৱালৈ আমাক ম'বাইল ফোনটোৰ প্ৰয়োজন ৷ কিন্তু যেতিয়া আমি ব্যৱহাৰ কৰি থকা ফোনটো পুৰণি হৈ পৰে, ই সময়ৰ লগে লগে লেমেহীয়াকৈ কাম কৰে ৷ তেতিয়াই সাধাৰণতে আমি এটা নতুন ম’বাইল ফোন লোৱাৰ কথা ভাবো ৷ যদিও কেতিয়াবা হয়তো ফোন ক্ৰয় কৰিবলৈ আমাৰ বাজেটত নিমিলে কেতিয়াবা আকৌ নতুন এটা ফোনৰ বাবে আমি আগ্ৰহীও নহওঁ ৷
তেনেক্ষেত্ৰত আমি আপোনালোকলৈ লৈ আহিছে এনে কিছু টিপছ যাৰ ফলত আপুনি আপোনাৰ পুৰণি এণ্ড্ৰইড ফোনটো পুনৰ দ্ৰুতগতিত চলাব পাৰে ৷ এটা নতুন ফোনৰ দৰেই ফোনটো পুনৰ ফাষ্ট হৈ উঠিব ৷
কিছুমান নতুন ছেটিংছ আৰু ট্ৰিকৰ সৈতে আপোনাৰ ফোনটো নতুনৰ দৰে হৈ উঠিব । আপুনি ফোনটো ৰিবুট, অ'এছ আপডেট, বেটাৰী বঢ়োৱাৰ কৌশলসমূহ প্ৰয়োগ কৰিব পাৰে ৷
এণ্ড্ৰইড ফোনটো কেনেদৰে দ্ৰুত কৰিব ?
- ফেক্টৰী ৰীছেট
- এণ্ড্ৰইড আপডেট কৰক
- দৈনিক এণ্ড্ৰইড ফোনটো ৰীষ্টাৰ্ট কৰক
- ক্ৰোমৰ লাইট মোড অন কৰক
- অব্যৱহৃত এপ্পসমূহ ডিলীট কৰক
- ডাৰ্ক মোড অন কৰক
- ডাঙৰ ফাইলসমূহ এছ ডি কাৰ্ড বা গুগল ড্ৰাইভত সংৰক্ষণ কৰক
ফেক্টৰী ৰীছেট : আপোনাৰ ফোনটো যদি লেহেমীয়া গতিত চলিছে তেনেহ’লে স্মাৰ্টফোনৰ ফেক্টৰী ৰীছেট কৰক । এণ্ড্ৰইডৰ জাংক এপবোৰ ডিলীট কৰক ৷ ফোনটোৰ বেকআপ লোৱাৰ পাচত বিকল্প আৰু ফেক্টৰী ৰীছেট টেপ কৰক ।
এণ্ড্ৰইড আপডেটৰ বাবে পৰীক্ষা কৰক
ফোনটোৰ বাবে এণ্ড্ৰইড আপডেট অতি গুৰুত্বপূৰ্ণ । গুগল পিক্সেল আৰু নেক্সাছ ফোনবোৰে স্বয়ংক্ৰিয়ভাৱে এণ্ড্ৰইডলৈ আপডেট হয় । সাধাৰণতে এণ্ড্ৰইড আপডেটৰ বাবে কোনো অধিসূচনা নাথাকে, সেয়েহে সদায়ে ম'বাইলৰ এণ্ড্ৰইড আপডেট পৰীক্ষা কৰিব ।
দৈনিক ফোনটো ৰীষ্টাৰ্ট কৰক