অসম

assam

ETV Bharat / technology

হোৱাটছএপৰ নতুন ছাৰ্চ ফিল্টাৰ কেনেকৈ ব্যৱহাৰ কৰিব ? - New Chat Filters In WhatsApp

New Chat Filters In WhatsApp : হোৱাটছএপে মঙলবাৰে বাৰ্তা সহজে প্ৰেৰণ কৰিবলৈ মেছেজত নতুনকৈ ছাৰ্চ ফীচাৰ সংযোগ কৰিছে ৷ এই ছাৰ্চ টুলৰ জৰিয়তে তৎক্ষণাত আপোনালোকে যিকোনো মেছজ তথা গ্ৰুপ বিচাৰিব পাৰিব ৷

By ETV Bharat Assamese Team

Published : Apr 18, 2024, 2:11 PM IST

New Chat Filters In WhatsApp
হোৱাটছএপৰ নতুন ছাৰ্চ ফিল্টাৰ কেনেকৈ ব্যৱহাৰ কৰিব ?

বৰ্তমান সময়ত ছচিয়েল মিডিয়া আমাৰ জীৱনৰ এক অপৰিহাৰ্য অংগস্বৰূপ হৈ পৰিছে ৷ সহজতে ইজনে সিজনৰ লগত সহজতে তথা ক্ষন্তেকতে যোগাযোগ কৰিবলৈ হোৱাটছএপ এক জনপ্ৰিয় সামাজিক মাধ্যম ৷ সমগ্ৰ বিশ্বৰ কোটি কোটি লোকে হোৱাটছএপ ব্যৱহাৰ কৰে ৷ হোৱাটছএপে আজিকালি পৰিয়াল, বন্ধুবৰ্গৰ সৈতে যোগাযোগ কৰোতে বা চৰকাৰী কামৰ বাবে আমাৰ জীৱন সহজ কৰি তুলিছে।

ফলত আপোনাৰ হোৱাটছএপত শ শ কথোপকথন হয় । তেনেক্ষেত্ৰত কেতিয়াবা এজন বিশেষ লোকৰ বাৰ্তা বিচাৰিবলৈ অসুবিধাৰো সন্মুখীন হোৱা যায় ৷

সেইবাবে শেহতীয়াকৈ মেট -মালিকানাধীন হোৱাটছএপত কিছু নতুন ফীচৰ সংযোজন কৰিছে ৷ হোৱাটছএপৰ চেট ফিল্টাৰত সংযোজন হৈছে ছাৰ্চ অপশ্যনৰ ৷ এই নতুন চেট ফিল্টাৰে ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ ইনবক্সটো সহজতে নেভিগেট কৰিবলৈ অনুমতি দিয়ে ৷

"হোৱাটছএপ খুলি এটা বিশেষ কথোপকথন বিচাৰি উলিওৱাটো এক প্ৰকাৰৰ আমনিদায়ক কাম ৷ সেইবাবে আমি দ্ৰুত, সৰল পদ্ধতিৰে এই মেছেজসমূহ বিচাৰিব পৰাকৈ ব্যৱস্থা হাতত লৈছো ৷ যিহেতু মানুহে হোৱাটছএপত অধিক কাম কৰে, বাৰ্তাবোৰ দ্ৰুতগতিত প্ৰাপ্ত কৰিবলৈ সক্ষম হোৱাটো অধিক গুৰুত্বপূৰ্ণ । সেয়েহে আমি নতুন চেট ফিল্টাৰ মুকলি কৰিছো যাতে আপুনি আপোনাৰ সম্পূৰ্ণ ইনবক্সৰ মাজেৰে স্ক্ৰ'ল নকৰাকৈ বিচৰা মেছেজটো ছাৰ্চ কৰিব পাৰে," হোৱাটছএপে এক বিবৃতিত এই কথা উল্লেখ কৰে ৷

কেনেকৈ ব্যৱহাৰ কৰিব এই নতুন হোৱাটছএপ ফিল্টাৰ

সকলো: আপোনাৰ সকলো বাৰ্তা চাবলৈ ডীফল্ট অপশ্যনটো বাচনি কৰক ৷

নপঢ়া মেছেজ : আপুনি কোনবোৰ কথোপকথন পঢ়িব বিচাৰে বা সঁহাৰি দিব বিচাৰে তাৰ বাবে ই সঠিক অপশ্যন । ইয়াত এনেধৰণৰ মেছেজসমূহ প্ৰদৰ্শন কৰা হয় যিবোৰ মেছেজ আপুনি পঢ়া নাই বা সঁহাৰি দিয়া নাই ৷

গ্ৰুপ : এতিয়া আপোনাৰ সকলো গ্ৰুপ একেলগে আয়োজন কৰা হ'ব, যাৰ ফলত আপোনাৰ বাবে মেছেজ তছা গ্ৰুপসমূহ বিচাৰি উলিওৱাবলৈ সহজ হ'ব ৷ ফলত গ্ৰুপ মেছেজসমূহ আপুনি ইচ্ছানুসাৰে সহাঁৰি দিব পাৰিব ৷

লগতে পঢ়ক:জিমেইল ব্যৱহাৰৰ অভিজ্ঞতা উন্নত কৰিবলৈ বিচাৰিছে নেকি ? এই 5 টা ছেটিংছ সলনি কৰক - Gmail Settings On Android

ABOUT THE AUTHOR

...view details