অসম

assam

By ETV Bharat Tech Team

Published : 5 hours ago

ETV Bharat / technology

আধাৰ, পান কাৰ্ড সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা - Website Blocking by Government

Aadhaar PAN Card: কেন্দ্ৰীয় চৰকাৰে আধাৰ, পান কাৰ্ডৰ সবিশেষ সংগ্ৰহ কৰি ভাৰতীয় নাগৰিকৰ ব্যক্তিগত পৰিচয় প্ৰকাশ কৰা কিছুমান ৱেবছাইট ব্লক কৰিছে । ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ অধীনস্থ ভাৰতীয় কম্পিউটাৰ ইমাৰ্জেন্সি ৰেচপন্স টিম (চিইআৰটি-ইন)য়ে ৱেবছাইটসমূহত সুৰক্ষাৰ ত্ৰুটি বিচাৰি পোৱাৰ পিছতে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

Etv Bharat
আধাৰ, পান কাৰ্ড সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা (ETV Bharat)

নিউজ ডেস্ক, 28 ছেপ্টেম্বৰ:আধাৰ, পেন কাৰ্ডৰ সবিশেষকে ধৰি ভাৰতীয় নাগৰিকৰ স্পৰ্শকাতৰ ব্যক্তিগত তথ্য প্ৰকাশ কৰা কিছুমান ৱেবছাইট চৰকাৰে ব্লক কৰিছে । ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰণালয়ৰ অধীনত কাম কৰা ভাৰতীয় কম্পিউটাৰ ইমাৰ্জেন্সি ৰেচপন্স টিমে (CERT-In) এই ৱেবছাইটসমূহত নিৰাপত্তাজনিত ত্ৰুটি বিচাৰি পাইছিল । ইয়াৰ পিছতে চৰকাৰে এই ৱেবছাইটবোৰ ব্লক কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

চাইবাৰ সম্বন্ধীয় নিৰাপত্তা: চৰকাৰে জাৰি কৰা এক বিবৃতিত একাংশ ৱেবছাইটত আধাৰ আৰু পেন কাৰ্ডৰ সবিশেষকে ধৰি ভাৰতীয় নাগৰিকৰ স্পৰ্শকাতৰ ব্যক্তিগত তথ্য উদঙাই দিয়া হৈছে । চৰকাৰে চাইবাৰ সুৰক্ষা আৰু ব্যক্তিগত তথ্যৰ সুৰক্ষাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়াৰ বাবে এই বিষয়টো গুৰুত্বসহকাৰে লোৱা হৈছে । সেই অনুসৰি এই ৱেবছাইটসমূহ ব্লক কৰাৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

নিৰাপত্তাজনিত ত্ৰুটি প্ৰকাশ, অভিযোগ দাখিল: আধাৰ আইন, 2016 ৰ অধীনত আধাৰ সম্পৰ্কীয় তথ্য ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰা সম্বন্ধীয় নিষেধাজ্ঞা উলংঘা কৰাৰ বাবে সংশ্লিষ্ট আৰক্ষী কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছে ভাৰতীয় একক চিনাক্তকৰণ প্ৰাধিকৰণ (UIDAI) এ । সংশ্লিষ্ট ৱেবছাইট কৰ্তৃপক্ষক এই ভুল শুধৰণি কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি বিবৃতিযোগে জনোৱা হৈছে ।

ক্ষতিপূৰণৰ দাবী: তথ্য প্ৰযুক্তি আইন, 2011 ৰ অধীনত জনসাধাৰণৰ আগত স্পৰ্শকাতৰ ব্যক্তিগত তথ্য প্ৰকাশ কৰাটো নিষিদ্ধ । যিকোনো ব্যক্তিয়ে অভিযোগ দাখিল কৰিবলৈ আৰু ক্ষতিপূৰণ বিচাৰিবলৈ বিচাৰক বিষয়াৰ কাষ চাপিব পাৰে । ৰাজ্যসমূহৰ আই টি সচিবসকলক সিদ্ধান্ত গ্ৰহণ কৰ্তৃপক্ষ হিচাপে ক্ষমতা প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক:নীলা আধাৰ কাৰ্ড কি ! কোনে লাভ কৰিব পাৰে নীলা ৰঙৰ আধাৰ কাৰ্ড ? - Aadhaar Card for Child

আপুনি কিমানবাৰ আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰিব পাৰে ! জানক সবিশেষ - Aadhaar Card Update Rules

ABOUT THE AUTHOR

...view details