অসম

assam

ETV Bharat / technology

গুগল পিক্সেল 9 প্ৰ’ ৰ বাবে প্ৰি-অৰ্ডাৰ আৰম্ভ

Google's Pixel 9 Pro: 2024 চনৰ আগষ্ট মাহত মুকলি হোৱা গুগল পিক্সেল 9 প্ৰ’ স্মাৰ্টফোনটো অৱশেষত ভাৰতত প্ৰি-অৰ্ডাৰৰ বাবে উপলব্ধ হৈছে ।

By ETV Bharat Tech Team

Published : 5 hours ago

Etv Bharat
গুগল পিক্সেল 9 প্ৰ’ ৰ বাবে প্ৰি-অৰ্ডাৰ আৰম্ভ (Google Pixel)

হায়দৰাবাদ: ইতিমধ্যে ভাৰতত মুকলি হৈছে গুগল পিক্সেল 9 প্ৰ’ আৰু ইয়াক ফ্লিপকাৰ্টৰ জৰিয়তে প্ৰি-বুকিং কৰিব পাৰিব । 2024 চনৰ আগষ্ট মাহত দেশত এই ডিভাইচটো পিক্সেল 9, পিক্সেল 9 প্ৰ’ এক্সএল, আৰু পিক্সেল 9 প্ৰ’ ফল্ডৰ সৈতে মুকলি কৰা হৈছিল । গুগলে পিক্সেল 9 প্ৰ’ৰ মূল্য, স্পেচিফিকেশন আৰু ৰঙৰ বিকল্প নিশ্চিত কৰিছে ।

পিক্সেল 9 প্ৰ’ মডেলৰ মূল্য 1,09, 999 টকা 16 GB ৰেম + 256 GB ষ্ট’ৰেজ । অৱশ্যে আইচিআইচিআই বেংকৰ ক্ৰেডিট কাৰ্ড বা ইএমআই ক্ৰেডিট/ডেবিট কাৰ্ডৰ জৰিয়তে 10 হাজাৰ টকাৰ তৎক্ষণাত কেছবেক অফাৰৰ সহায়ত 99,999 টকাৰ কাৰ্যকৰী মূল্যত ক্ৰয় কৰিব পাৰিব । ফ্লিপকাৰ্টৰ জৰিয়তে স্মাৰ্টফোনটো প্ৰি-অৰ্ডাৰ কৰাসকলেও লাভ কৰিব Pixle Buds Pro 7,999 ৰেহাই মূল্যত ।

Google's Pixel 9 Pro ৰ স্পেচিফিকেশন আৰু বৈশিষ্ট্যসমূহ

Google Pixel 9 Pro ত 6.3 ইঞ্চি SuperActua LTPO OLED ডিছপ্লে আছে, যিয়ে 1.5K পিক্সেল ৰিজ’লিউচন, 120Hz লৈকে ৰিফ্ৰেছ ৰেট আৰু 3,000 নিট শীৰ্ষ উজ্জ্বলতা সমৰ্থন কৰে । স্মাৰ্টফোনটোৱে টেনছৰ G4 চিপছেটৰ পৰা শক্তি আহৰণ কৰে, যিটো টাইটান M2 ছিকিউৰিটি চিপ, 16 GB ৰেম আৰু 256 GB ষ্ট’ৰেজৰ সৈতে সংযুক্ত কৰা হৈছে ।

ডিভাইচটোত ট্ৰিপল ৰিয়াৰ কেমেৰা ছেটআপ আছে য’ত আছে 50MP প্ৰাইমেৰী চেন্সৰ, 48MP আল্ট্ৰাৱাইড শ্বুটাৰ, আৰু 5x অপটিকেল জুমৰ সৈতে 48MP পেৰিস্কোপ টেলিফ’টো কেমেৰা । Pixel 9 Pro ৰ সন্মুখৰ চেলফি কেমেৰা 42MP ।

স্মাৰ্টফোনটোত 4,700mAh বেটাৰী পেক কৰা হৈছে আৰু Qi বেতাঁৰ চাৰ্জিঙৰ উপৰিও 45W তাঁৰযুক্ত চাৰ্জিং সমৰ্থন কৰা হৈছে । ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে ইয়াক IP68 ৰেটিং দিয়া হৈছে । ডিভাইচটোৱে বেতাঁৰ সংযোগ বিকল্পসমূহৰ বাবে ৱাই-ফাই 6, ব্লুটুথ 5.3, আৰু NFC সমৰ্থন কৰে ।

লগতে পঢ়ক:কোনটো উন্নত : Google Pixel 9 নে iPhone 16 ? - IPhone 16 VS Google Pixel 9

এপ'লৰ সৈতে এ আই প্ৰতিদ্বন্দ্বিতাৰ দৌৰ; গুগলে আগতীয়াকৈ মুকলি কৰিলে পিক্সেল 9 আৰু পিক্সেল 9 প্ৰ' - Google Pixel 9

ফটো তোলাজনো এতিয়াৰে পৰা বাদ নপৰে গ্ৰুপ ফটোৰ পৰা : কেনেকৈ সম্ভৱ ? - Google Pixel 9 features

ABOUT THE AUTHOR

...view details