যোৰহাট, 15 অক্টোবৰ:অসমীয়া সমাজৰ এবিধ জনপ্ৰিয় থলুৱা খাদ্য হ’ল পকা মিঠৈ । বিহুকে ধৰি অসমীয়াই পালন কৰা বিভিন্ন উৎসৱ-পাৰ্বণত পকা মিঠৈ প্ৰস্তুত কৰা হয় ৷ অৱশ্যে আমাৰ সমাজ জীৱনত ইয়াৰ আদৰ থাকিলেও ইয়াক বৰ সহজে প্ৰস্তত কৰাটো সম্ভৱ নহয় । পিছে বিশিষ্ট উদ্ভাৱক, পদ্মশ্ৰী ড৹ উদ্ধৱ ভৰালীয়ে সহজ কৰি তুলিছে পকা মিঠৈ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া ।
বিশিষ্ট উদ্ভাৱক ড৹ উদ্ধৱ ভৰালীয়ে 15 অক্টোবৰৰ দিনা তেওঁৰ এক ন উদ্ভাৱন অৰ্পণ কৰে যোৰহাটৰ তৰাজান 1 নং সোণাৰী গাঁওস্থিত পহুখোৱা চুক নামঘৰলৈ । এইবাৰ উদ্ভাৱকগৰাকীয়ে উদ্ভাৱন কৰি উলিয়াইছে পকামিঠৈ প্ৰস্তত কৰা যন্ত্ৰ । সোণাৰী গাঁৱৰ পহুখোৱা চুক নামঘৰত অহা 19 অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব শ্ৰীমদ্ভভাগৱত অবিৰত পাঠ ৷ ইয়াৰ পূৰ্বে 15 অক্টোবৰৰ দিনা উদ্ভাৱক ড৹ উদ্ধৱ ভৰালীয়ে তেওঁৰ মিঠৈ তৈয়াৰ কৰা এই মেচিন অৰ্পণ কৰে নামঘৰলৈ । সেই অনুসৰি কালি পহুখোৱা নামঘৰত কেইবা শতাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত এক আধ্যাত্মিক পৰিৱেশত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উদ্ভাৱক ড৹ উদ্ধৱ ভৰালীয়ে তেওঁৰ এই উদ্ভাৱন অৰ্পণ কৰে নামঘৰক ।
উদ্ভাৱকগৰাকীয়ে জনোৱা মতে, মেচিনটোত সম্পূৰ্ণ সামগ্ৰী ভৰাই দিয়াৰ 5 মিনিটৰ ভিতৰতে একে লগে 500 পকা মিঠৈ প্ৰস্তুত কৰিব পাৰিব ।
ডাঃ কমলা কান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ সভাত উপস্থিত থাকি বিশিষ্ট উদ্ভাৱক ড৹ উদ্ধৱ ভৰালীয়ে কয়, "আজি মই নিজকে বহু ভাগ্যৱান বুলি ভাবিছো মোৰ এই নতুন উদ্ভাৱন নামঘৰ ভাগলৈ অৰ্পণ কৰি । তদুপৰি এই মেচিনৰ অচিলা লৈ আজি ভকত বৈষ্ণৱৰ পৰা লোৱা আশীৰ্বাদে মোৰ জীৱন ধন্য কৰি তুলিলে । মই কেতিয়াও উদ্ভাৱক হম বুলি ভবা নাছিলো । বহু ঘাট-প্ৰতিঘাতৰ মাজেদিহে মই উদ্ভাৱক হ’লো ।"