হায়দৰাবাদ: বৃহস্পতিবাৰে জনপ্ৰিয় মেছেজিং এপ হোৱাটছএপে ঘোষণা কৰে যে নতুন বছৰৰ পূৰ্বে ব্যৱহাৰকাৰীৰ টেক্সটিং আৰু কলিঙৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে আকৰ্ষণীয় নতুন ফিচাৰ মুকলি কৰিছে । যদিও এই বৈশিষ্ট্যসমূহ সীমিত সময়ৰ বাবে, তথাপিও হোৱাটছএপ ব্যৱহাৰকাৰীয়ে ভিডিঅ’ কলৰ সময়ত নতুন বছৰৰ থিমৰ সৈতে নতুন কলিং ইফেক্ট ব্যৱহাৰ কৰিব পাৰে ।
ইয়াৰ উপৰিও জনপ্ৰিয় মেচেজিং এপটোৱে নতুন বছৰৰ পৰিৱেশৰ লগত মিলাবলৈ নতুন এনিমেচন আৰু ষ্টীকাৰ পেক প্ৰৱৰ্তন কৰিছে । মন কৰিবলগীয়া যে মেটা প্লেটফৰ্মৰ মালিকানাধীন আন এটা এপ ইনষ্টাগ্ৰামে শেহতীয়াকৈ 2024 ক’লাজ নামৰ এটা সীমিত সময়ৰ বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে ।
বৈশিষ্ট্যবোৰ
হোৱাটছএপে জাৰি কৰা এক বিবৃতি অনুসৰি এতিয়া বৰদিন আৰু নৱবৰ্ষৰ সময়ত ব্যৱহাৰকাৰীয়ে ভিডিঅ’ কল কৰিব পাৰিব আৰু এই সময়ত উৎসৱৰ সৈতে জড়িত বিভিন্ন ফিল্টাৰ ব্যৱহাৰ কৰিব পাৰিব । ইয়াৰ উপৰিও নতুন নতুন এনিমেটেড ৰিয়েকচনৰো প্ৰৱৰ্তন কৰা হৈছে । যেতিয়া কোনোবাই নিৰ্বাচিত দলৰ ইমোজি ব্যৱহাৰ কৰি বাৰ্তাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, তেতিয়া প্ৰেৰক আৰু গ্ৰহণকাৰী উভয়ৰে বাবে এটা কনফেটি এনিমেচন ওলাব ।