নিউজ ডেস্ক, 27 আগষ্ট:ভাৰতীয় আইফোন নিৰ্মাতা কোম্পানীয়ে প্ৰতিমাহে নতুন নতুন ৰপ্তানিৰ অভিলেখ গঢ়ি তোলাৰ ফলত স্থানীয় উৎপাদন শক্তিশালী হোৱাৰ লগে লগে এপলে অহা এবছৰৰ পৰা দুবছৰৰ ভিতৰত 5-6 লাখ চাকৰি (প্ৰত্যক্ষ আৰু পৰোক্ষ) সৃষ্টি কৰিবলৈ সাজু হৈছে বুলি জানিব পৰা গৈছে ।
কোম্পানীৰ সূত্ৰ অনুসৰি চৰকাৰৰ প্ৰডাকচন লিংকড ইনচেণ্টিভ (পিএলআই) আঁচনিৰ বাবেই আইফোনৰ ৰপ্তানি প্ৰতিমাহে প্ৰায় 1 বিলিয়ন ডলাৰ পৰ্যন্ত হৈছে । টেক জায়ান্টটোৱে নিজৰ চাপ্লাই চেইনত প্ৰায় 2 লাখ লোকক নিয়োগ কৰিছে, ইয়াৰে মহিলা কৰ্মচাৰীৰ সংখ্যা বেছি । ইয়াৰ ভিতৰত বিক্ৰেতা আৰু উপাদান যোগানকাৰীও অন্তৰ্ভুক্ত ।
টাটা এপলৰ চুক্তিবদ্ধ নিৰ্মাতা প্ৰতিষ্ঠান :টাটাইএপলৰ টাটা ইলেক্ট্ৰনিক্স ফক্সকন আৰু পেগাট্ৰনত নিয়োগৰ সৃষ্টি কৰি আহিছে । ভাৰতবৰ্ষক বিশ্বব্যাপী উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য চৰকাৰে লোৱাৰ বাবে যোৱা 10 বছৰত ম’বাইল মেনুফেকচাৰিঙে চাকৰি সৃষ্টিৰ ক্ষেত্ৰত অগ্ৰণী শক্তি হিচাপে কাম কৰি আহিছে । চৰকাৰৰ তথ্য অনুসৰি কেৱল এপলতে 2 লাখৰো অধিক লোকে কৰ্মসংস্থাপন লাভ কৰিছে ৷
ভাৰতত বিনিয়োগ দুগুণ: দেশৰ আইফোন কাৰখানাসমূহে উৎসৱৰ বতৰত পোনপটীয়াকৈ 10 হাজাৰতকৈ অধিক লোকক নিযুক্তি দিবলৈ সাজু হৈছে । ভাৰতত এপলে বিনিয়োগ দুগুণ বৃদ্ধি কৰিছে আৰু টাটা গ্ৰুপৰ টাইটান কোম্পানী আৰু মুৰুগাপ্পা গ্ৰুপৰ সৈতে ফোন কেমেৰা মডিউলৰ বাবে উপ-উপাদান একত্ৰিত কৰাৰ বাবে আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে ।
এপলে ভাৰতত প্ৰতি বছৰে 5 কোটিতকৈ অধিক আইফোন নিৰ্মাণ কৰাৰ লক্ষ্য লৈছে কাৰণ ইয়াৰ লক্ষ্য হৈছে চীনৰ পৰা কিছু উৎপাদন স্থানান্তৰ কৰা । ভাৰতৰ পৰা আইফোনৰ ৰপ্তানি 2022-23 চনত 6.27 বিলিয়ন ডলাৰৰ পৰা 2023-24 চনত 12.1 বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে ।