হায়দৰাবাদ: চলিত মাহৰ 4 আৰু 5 তাৰিখৰ দিনা এপল টিভি+ বিনামূলীয়া ষ্ট্ৰীমিংৰ বাবে উপলব্ধ হ’ব । এপলে 2024 চনৰ 30 ডিচেম্বৰ সোমবাৰে এই কথা ঘোষণা কৰে । টেক কোম্পানীটোৱে কয় যে এই বিশেষ উইকেণ্ড প্ৰচাৰৰ সময়ত ব্যৱহাৰকাৰীয়ে এপল অৰিজিনেলছ শ্ব' আৰু চিনেমা চাব পাৰিব কোনো চাবস্ক্ৰিপচন নোহোৱাকৈ । এই অফাৰটো এনে এটা সময়ত আহিছে যেতিয়া এপল অৰিজিনেলৰ বহু জনপ্ৰিয় কন্টেন্ট চলিত মাহত মুকলি হ’ব ৷ ছিৰিজ যেনে চেভাৰেন্স ছিজন 2, মিথিক কুৱেষ্ট আৰু প্ৰাইম টাৰ্গেট 2025 চনৰ জানুৱাৰী মাহত মুকলি হ’ব ।
এপল টিভি প্লাছৰ বিনামূলীয়া ষ্ট্ৰীমিং
অৰ্থাৎ 2025 চনৰ প্ৰথম সপ্তাহৰ শেষৰ ফালে ব্যৱহাৰকাৰীয়ে এপল টিভি প্লাছৰ কন্টেন্ট বিনামূলীয়াকৈ চাব পাৰিব । ইয়াৰ বাবে ব্যৱহাৰকাৰীয়ে কোনো ধৰণৰ চাবস্ক্ৰিপচন কিনাৰ প্ৰয়োজন নহ’ব । ব্যৱহাৰকাৰীসকলে মাত্ৰ তেওঁলোকৰ এপল ডিভাইচত এপল টিভি প্লাছ খুলিব লাগিব আৰু তাৰ পিছত তেওঁলোকৰ প্ৰিয় কন্টেন্ট চাব লাগিব ।
এই দুদিনৰ ভিতৰত এপল ব্যৱহাৰকাৰীয়ে এপল অৰিজিনেলছৰ বঁটা বিজয়ী ৱেব ছিৰিজ, ধাৰাবাহিক, যুগান্তকাৰী তথ্যচিত্ৰ, শিশুৰ মনোৰঞ্জন, কমেডী আদি চোৱাৰ সুবিধা লাভ কৰিব পাৰিব । দ্য মৰ্নিং শ্ব’, টেড লাছ’, চেভাৰেন্স, ডাৰ্ক মেটাৰ আৰু ফৰ অল মেনকাইণ্ডৰ দৰে অনুষ্ঠান একেবাৰে বিনামূলীয়াকৈ চাব পাৰি ।
এপল টিভি প্লাছৰ অফাৰ