অসম

assam

ETV Bharat / technology

শীঘ্ৰেই বজাৰলৈ আটাইতকৈ কম দামৰ iPhone ! - Apple iPhone SE 4 Specifications

Apple iPhone SE 4: আগন্তক বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকত বজাৰত মুকলি হোৱাৰ সম্ভাৱনা আইফোন SE 4 নতুন সংস্কৰণৰ ৷ MacRumors এ এক প্ৰতিবেদনযোগে জনায় এই কথা । এপলৰ আটাইতকৈ সুলভ মূল্যৰ স্মাৰ্টফোনৰ আহিবলগীয়া সংস্কৰণটো সম্ভৱতঃ এটা উল্লেখযোগ্য আপডেটৰ সৈতে আহিব ।

Etv Bharat
Etv Bharat (Etv Bharat)

By ETV Bharat Tech Team

Published : Oct 3, 2024, 10:00 AM IST

নিউজ ডেস্ক, 2 অক্টোবৰ:এপলে নিজৰ আইফোন SE ৰ সম্পূৰ্ণ নতুন সংস্কৰণ মুকলি কৰাৰ প্ৰস্তুতি চলাইছে । 2025 চনৰ প্ৰথম ত্ৰৈমাসিকত চতুৰ্থ প্ৰজন্মৰ মডেলটোৱে বজাৰত প্ৰৱেশ কৰাৰ সম্ভাৱনা আছে । MacRumors ৰ এক প্ৰতিবেদন অনুসৰি এই তথ্য পোহৰলৈ আহিছে । এপলৰ আটাইতকৈ সুলভ মূল্যৰ স্মাৰ্টফোনৰ এই আগন্তুক সংস্কৰণটোৱে সম্ভৱতঃ এটা উল্লেখযোগ্য আপডেটৰ সৈতে বজাৰলৈ আহিব ।

ইয়াত সাধাৰণতে কোম্পানীটোৰ প্ৰিমিয়াম ডিভাইচত পোৱা বৈশিষ্ট্যসমূহ অন্তৰ্ভুক্ত কৰা হ’ব আৰু ইয়াৰ উপৰিও ই সুলভ মূল্যৰ হ’ব । প্ৰতিবেদনত কোৱা হৈছে যে আইফোন SE 4 ৰ ডিজাইন আইফোন 14 ৰ দৰেই হ’ব পাৰে, যাৰ বাবে ইয়াত 6.1 ইঞ্চিৰ ডাঙৰ অ’ এল ই ডি ডিছপ্লে’ থাকিব । বৰ্তমানৰ মডেলটোৰ 4.7 ইঞ্চিৰ এলচিডি স্ক্ৰীণ আছে ।

ইয়াৰ উপৰিও এপলে সমগ্ৰ আইফোন লাইনআপত অ’এলইডিৰ সপক্ষে এলচিডি প্ৰযুক্তি পৰ্যায়ক্ৰমে বন্ধ কৰাৰ পদক্ষেপৰ সংকেত দিয়ে । এল চি ডিৰ পৰা অ’ এল ই ডিলৈ পৰিৱৰ্তনে এপলৰ দীৰ্ঘম্যাদী যোগানকাৰী যেনে জাপান ডিছপ্লে আৰু Sharp ৰ বাবে বৃহৎ প্ৰভাৱ পেলাব পাৰে ৷ এইকেইটা কোম্পানীয়ে পূৰ্বৰ SE মডেলৰ বাবে এল চি ডি স্ক্ৰীণ যোগান ধৰিছিল ।

পাৰফৰমেন্সৰ ক্ষেত্ৰত আইফোন SE 4 ত A18 চিপ থাকিব বুলি আশা কৰা হৈছে । শেহতীয়াকৈ মুকলি কৰা আইফোন 16 ছিৰিজতো এইটোৱেই প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে । ইয়াৰ উপৰিও এপলে ফেচ আইডিৰ সপক্ষে টাচ আইডি চেন্সৰ আঁতৰাই পেলোৱাৰ কথা চৰ্চা চলিছে, যাৰ ফলত আইফোনত ভৌতিক হোম বুটামৰ অন্ত পৰিব ।

নতুন মডেলটোত আন আন ফিচাৰ আপডেটসমূহৰ ভিতৰত আছে USB-চি চাৰ্জিং প’ৰ্ট, যিয়ে দীৰ্ঘদিনীয়া লাইটনিং কানেক্টৰৰ ঠাই ল’ব আৰু একচন বুটামৰ প্ৰৱৰ্তন, যিটো বৈশিষ্ট্য প্ৰথমে আইফোন 15 প্ৰ’ ছিৰিজত দেখা গৈছিল । ইয়াৰ উপৰিও আইফোন SE 4 ত এপলৰ ইন-হাউছ 5G মডেম আৰু 48MP ৰিয়াৰ কেমেৰা থকাৰ সম্ভাৱনা আছে ।

আইফোন SE4 ৰ ৰেম দুগুণ অৰ্থাৎ 8 GB লৈ বৃদ্ধি পাব বুলি আশা কৰা হৈছে । এই বৃদ্ধিৰ ফলত ডিভাইচটোৱে এপল ইন্টেলিজেন্স সমৰ্থন লাভ কৰিব, যিটো কোম্পানীটোৰ AI চালিত বৈশিষ্ট্যৰ চুইট, যিটো চলিত বৰ্ষৰ শেষৰ ফালে iOS 18.1 ৰ সৈতে ৰোল আউট হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখযোগ্য যে, ইয়াৰ ফলত SE 4 উন্নত AI বৈশিষ্ট্যসমূহ চলাব পৰা আটাইতকৈ সুলভ আইফোন হিচাপে পৰিগণিত হ’ব ।

লগতে পঢ়ক:ভাৰতত কিয় বেছি iPhone 16 series ৰ দাম ? - iPhone 16 series price in India

10 মিনিটৰ ভিতৰতে ঘৰতে লাভ কৰক iPhone 16 - iPhone 16 within 10 minutes

40,000 তকৈও কম দামত ক্ৰয় কৰক iPhone - Amazon Great Indian Festival 2024

ABOUT THE AUTHOR

...view details