নিউজ ডেস্ক, 9 ছেপ্টেম্বৰ:কেমেৰাৰ মানদণ্ডৰ বাবে ভাৰতীয় বজাৰত জনপ্ৰিয়তা অৰ্জন কৰিছে এপল আইফোনে । বৰ্তমান অধিকাংশ যুৱক-যুৱতীয়ে আইফোন ক্ৰয় কৰিবলৈ বিচাৰে । ভাৰতীয়ৰ পছন্দৰ কথা মনত ৰাখি কোম্পানীটোৱেও নিজৰ মান বৃদ্ধি কৰি নতুন স্মাৰ্টফোন বজাৰত মুকলি কৰি দিছে । অৱশ্যে আজি iPhone 16 মুকলি হ’ব বজাৰত আৰু এই সময়তে নামী-দামী কোম্পানীটোৰ পূৰ্বৰ মডেলৰ দাম ক্ৰমান্বয়ে হ্ৰাস পাইছে । যিকেইটা মডেলৰ প্ৰতি গ্ৰাহকে ইতিমধ্যে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে ।
উল্লেখ্য যে, iPhone 16 মুকলি হ’বলৈ ওলোৱাৰ সময়তে দাম কমিছে পুৰণি মডেলৰ ৷ নতুন স্মাৰ্টফোনটোৰ বাবেই পুৰণি মডেলৰ দাম কমিছে বুলি জানিব পৰা গৈছে ।
- iPhone 15 মুকলি কৰাৰ সময়ত ইয়াৰ মূল্য আছিল 79,600 টকা
- এতিয়া 9,601 টকা ৰেহাইৰ সৈতে 69,999 টকাত বিক্ৰী কৰা হৈছে
- বিভিন্ন বেংকৰ অফাৰ ইয়াৰ যুক্ত হোৱাৰ ফলত ইয়াৰ দাম আৰু কম হৈছে
- এতিয়া গ্ৰাহকে ইয়াক আমাজন আৰু ফ্লিপকাৰ্ট চাইটত কম মূল্যত বিচাৰি পাব
যদি আপুনি iPhone 14 কিনিব বিচাৰে তেন্তে এইয়াই আপোনাৰ বাবে সোণালী সুযোগ
- iPhone 14 এতিয়া 57999 টকাত উপলব্ধ । মুকলিৰ সময়ত এই মডেলৰ মূল্য আছিল 69,900 টকা
- এতিয়া কোম্পানীয়ে গ্ৰাহকক 11,601 টকা ৰেহাই দিছে
- iPhone 15 ৰ দৰে এই মডেলৰ মূল্যও বেংক অফাৰৰ সৈতে আৰু কম হ’ব পাৰে ।