হায়দৰাবাদ: এমাজনে নিজৰ ডেলিভাৰী ড্ৰাইভাৰসকলক দ্ৰুত আৰু সহজে নেভিগেট কৰাত সহায় কৰিবলৈ নতুন স্মাৰ্ট চশমা প্ৰস্তুত কৰিছে । এই স্মাৰ্ট চশমাবোৰে সৰু পৰ্দা এখনত ডেলিভাৰী বয় বা ড্ৰাইভাৰক ষ্টেপ বাই ষ্টেপ নিৰ্দেশনা বা দিশ নিৰ্দেশনা দি থাকে ।
এই গ্লাছযোৰৰ নাম ‘আমেলিয়া’ । এই চশমাযোৰে ডেলিভাৰী ল’ৰাবোৰক তেওঁলোকৰ গন্তব্যস্থানৰ বিষয়ে সঠিকভাৱে অৱগত কৰে । এই স্মাৰ্ট গ্লাছে এপাৰ্টমেণ্ট বিল্ডিঙৰ ভিতৰত বা গেটৰ আশে-পাশে থকা দুৰ্গম ঠাইতো তেওঁলোকক সহায় কৰে । কেৱল সেয়াই নহয়, কুকুৰ বা বন্ধ গেট সন্দৰ্ভতো সকীয়নি প্ৰদান কৰে ।
ডেলিভাৰী বয়সকলক জিপিএছ ডিভাইচ ব্যৱহাৰৰ পৰা মুক্ত কৰি এই স্মাৰ্ট চশমাবোৰে তেওঁলোকক অধিক পেকেজ কঢ়িয়াই নিবলৈ আৰু অধিক কাৰ্যক্ষমভাৱে ডেলিভাৰী কৰাত সহায় কৰে । প্ৰতিদিনে লাখ লাখ পেকেজ ডেলিভাৰী হোৱাৰ লগে লগে আমাজনে বিশ্বাস কৰে যে প্ৰতিটো ষ্টপত কেইছেকেণ্ডমান ৰাহি কৰিলে ডেলিভাৰীৰ ক্ষেত্ৰত বৃহৎ পাৰ্থক্য দেখা দিব পাৰে বুলি ।
এই নতুন ডিভাইচ গ্ৰহণ কৰাটো আমাজনে ডেলিভাৰী খৰচ কমাবলৈ কৰা প্ৰচেষ্টাৰ অংশ । বিশেষকৈ ৱালমাৰ্টৰ পৰা অধিক প্ৰতিযোগিতাৰ সন্মুখীন হোৱাৰ বাবে ।
গ্ৰাহকৰ দুৱাৰমুখত সামগ্ৰী যোগান ধৰাটোৱেই হৈছে এই প্ৰক্ৰিয়াৰ আটাইতকৈ জটিল আৰু ব্যয়বহুল অংশ । যোৱা তিনিমাহত আমাজনৰ বিতৰণ ব্যয় 23.5 বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে । গতিকে ই অধিক কাৰ্যক্ষমভাৱে কাম কৰি আছে । কোম্পানীটোৱে ডেলিভাৰী ভেনৰ ভিতৰত স্ক্যানাৰ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে যাতে চালকসকলে পেকেজসমূহ দ্ৰুতভাৱে ডেলিভাৰী কৰাত সহায় কৰে ।