কলিয়াবৰ, 22 মে’:সুৰক্ষিত নহয় জীৱিকাৰ সন্ধানত বহিঃৰাজ্যলৈ যোৱা ৰাজ্যৰ যুৱক-যুৱতীসকল । বহিঃৰাজ্যত অসমৰ যুৱক দুস্কৃতিকাৰীৰ কৱলত পৰা, দুৰ্ঘটনাত পতিত হোৱা, মৃত্যু হোৱা, সন্ধানহীন হোৱা ঘটনা দিনক দিনে বৃদ্ধি হৈ অহা পৰিলক্ষিত হৈছে ৷
এইবাৰ বহিঃৰাজ্যত সন্ধানহীন হৈছে কলিয়াবৰৰ এজন যুৱক । জানিব পৰা মতে, বিগত 12 এপ্ৰিলৰ দিনটোৰে পৰা কেৰালালৈ যোৱা কলিয়াবৰ চাহ বাগিচাৰ দিগম্বৰ মিত্ৰ নামৰ যুৱকজন সন্ধানহীন হৈ আছে । পিতৃ অজয় মিত্ৰই জানিবলৈ দিয়া মতে, যোৱা 26 জানুৱাৰীৰ দিনা আন চাৰি যুৱকৰ সৈতে দিগম্বৰ কামৰ সন্ধানত কেৰালালৈ গৈছিল । প্ৰথমে ৰাজস্থানৰ আলৱাৰৰ পি. এম. জি. কোম্পানীত চাকৰি কৰাৰ পাছত 2 মাৰ্চৰ দিনা কেৰালাৰ কালামাছেৰীৰ 'ৰ'জ এণ্ড মেংগ'জ' নামৰ ৰেষ্টোৰা এখনত কামত যোগদান কৰিছিল দিগম্বৰে ।
উক্ত ৰেষ্টোৰাখনৰ পৰাই 12 এপ্ৰিলৰ পৰা ৰহস্যজনকভাবে নিৰুদ্দিষ্ট হৈ পৰে দিগম্বৰ । পিতৃয়ে জানিবলৈ দিয়া অনুসৰি 11 এপ্ৰিলৰ দিনা শেষবাৰৰ বাবে ঘৰৰ সৈতে মোবাইল ফোনযোগে দিগম্বৰে কথা পাতিছিল আৰু তাৰ পিছৰে পৰা দিগম্বৰৰ মোবাইলটো বন্ধ হৈ আছে । দিগম্বৰৰ পিতৃয়ে ৰেস্তোৰাখনৰ মালিকৰ লগত যোগাযোগ কৰাত বিগত 12 তাৰিখে দিগম্বৰে ৰেস্তোৰাৰ কাম এৰি যোৱা বুলি জানিবলৈ দিয়া বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে ।