অসম

assam

ETV Bharat / state

ঘৰ নাপালেহিয়েই, আদবাটতে কাৰ হাতত প্ৰাণ হেৰুৱালে ৰাহুলে ? - youth mysterious death - YOUTH MYSTERIOUS DEATH

Dead body found in Rangapara : ৰাজ্যত দিনক দিনে বৃদ্ধি হৈছে মৃতদেহ উদ্ধাৰৰ ঘটনা ৷ নাহৰণি চাহ বাগিচাত চিপ লাগি থকা অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷

youth mysterious death
ঘৰ নাপালেহিয়েই, আদবাটতে কাৰ হাতত প্ৰাণ হেৰুৱালে ৰাহুলে ? (ETV BHARAT ASSAM)

By ETV Bharat Assamese Team

Published : May 31, 2024, 7:44 PM IST

ৰঙাপৰা, 31 মে’ : শোণিতপুৰ জিলাৰ ৰঙাপৰাত শুকুৰবাৰে এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । বহিঃৰাজ্যৰ পৰা আহি থকা যুৱকজনৰ ৰহস্যজনকভআৱে মৃত্যু হয় ৷

ঘৰ নাপালেহিয়েই, আদবাটতে কাৰ হাতত প্ৰাণ হেৰুৱালে ৰাহুলে ? (ETV BHARAT ASSAM)

ঘটনাৰ বিৱৰণী অনুসৰি আজি পুৱাৰ ভাগত বালিপৰা চাহ বাগিচাৰ লোক্ৰাৰ নিবাসী ঘাচিয়া ওৰাঙৰ পুত্ৰ সোনা ওৰফে ৰাহুল ওৰাঙৰ মৃতদেহ ৰঙাপৰা আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণি চাহ বাগিচাৰ 7 (বি) শাখাৰ এডাল গছত চিপ লাগি ওলমি থকা একাংশ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ।

লগে লগে স্থানীয় লোকে স্থানীয় আৰক্ষীৰ ঘটনা সন্দৰ্ভত অৱগত কৰে ৷ ঘটনাৰ খবৰ পোৱাৰ পাচতে ৰঙাপৰা আৰক্ষী থানাৰ এটা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয় । আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

ইপিনে ঘটনাৰ খবৰ পোৱাৰ পাচত সোনা ওৰাঙৰ পৰিয়ালৰ লোক ৰঙাপৰা আৰক্ষী থানাত উপস্থিত হয় । পৰিয়ালৰ লোকে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰি ৰঙাপৰা আৰক্ষীক এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ।

ঘৰৰ লোকে কোৱা অনুসৰি, বেংগালুৰুত কৰ্মৰত আছিল ৰাহুল ৷ যুৱকজনে ৰে’লযোগে নিজগৃহৰ অভিমুখে আহি আছিল ৷ যদিও যুৱকজনে ঘৰৰ লোকক আহি থকাৰ কথা অৱগত কৰা নাছিল ৷ হঠাৎ এনেদৰে যুৱকজনে চিপ লৈ বাগানৰ মাজত আত্মহত্যা কৰাৰ ঘটনা পৰিয়ালৰ লোকে সহজভাৱে মানি ল’ব পৰা নাই ৷

যুৱকজনক কোনো দুর্বৃত্তই হত্যা কৰি গছত ওলোমাই থৈ যোৱা বুলি একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে । যুৱকজনৰ মৃত্যু হোৱা স্থানত এটা বেগ আৰু খালী মানিবেগ আৰক্ষীয়ে উদ্ধাৰ কৰিছে ৷ অৱশ্যে এতিয়ালৈ যুৱকজনে ব্যৱহাৰ কৰা মোবাইল ফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ।

মানিবেগটোৰ পৰা উদ্ধাৰ হোৱা ৰে’লৰ টিকেটৰ তথ্য অনুসৰি বৃহস্পতিবাৰে যুৱকজনে কামাখ্যা ৰে’লৱে জংচনৰ পৰা ৰঙাপৰাৰ অভিমুখে যাত্রীবাহী ৰে’লেৰে আহিছিল । সম্প্ৰতি ৰঙাপৰা আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্তৰ পিচতহে এয়া হত্যা নে আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিব ৷

লগতে পঢ়ক:কেনেকৈ নাগালেণ্ড পায়গৈ অসমত চুৰি হোৱা স্কুটী-মটৰ চাইকেল - Scooty stolen from Sonari

ABOUT THE AUTHOR

...view details