মাজুলী:ইংৰাজী নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে সকলো । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বনভোজ । এই আনন্দ উল্লাসৰ মাজতে যোৱা সোমবাৰে মাজুলীত সংঘটিত হয় এক শোকাবহ ঘটনা । সাতজন যুৱকে বেচামৰা তিনি নম্বৰ শৈল্য স্পাৰত বনভোজ খাবলৈ যোৱাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছে এজন যুবক । এই লৈ মাজুলীত সৃষ্টি হৈছে চাঞ্চল্য়ৰ ।
এটা সাতজনীয়া যুৱকৰ দল । আটাইকেইজনেই ভাওনা শিল্পী । সোমবাৰে বছৰটোৰ অন্তিম ক্ষণত আহিছিল বনভোজ খাবলৈ । তাৰ মাজৰে নিৰুদ্দেশ হয় এজন যুৱক । মঙলবাৰে পুৱাই সেই সন্ধানহীন হোৱা যুৱকজনক বিচাৰি ব্ৰহ্মপুত্ৰত অভিযান চলালে এছ ডি আৰ এফে ।
জেংৰাইমুখ আৰু গড়মূৰ এছ ডি আৰ এফে যুটীয়াভাৱে অভিযান চলাইছে । এছ ডি আৰ এফৰ ডুবাৰুৱে অভিযান আৰম্ভ কৰিছে । যিজন যুৱক সন্ধানহীন হৈ আছে তেওঁ মাজুলীৰ বাঘৰ গাঁৱৰ পিংকু হাজৰিকা ।
সোমবাৰৰ দিনৰ দুই বজাৰ পৰা নিৰুদ্দেশ যুৱকজনক বিচাৰি থাকোতে বিয়লি চাৰি বজাত এখন নাৱত উদ্ধাৰ হয় যুৱকজনে পিন্ধা চেণ্ডেলজোৰ । ইয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় বনগাঁও আৰক্ষীৰ চকীৰ আৰক্ষী । পৰিয়ালৰ লোকো উপস্থিত হয় যদিও এন্ধাৰ হোৱা বাবে যুৱকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ'ল ।
পিংকু হাজৰিকা এজন ভাওনা অভিনেতা । তেওঁৰ লগত বনভোজ খাবলৈ যোৱা সমনীয়া কেইজনো ভাওনা শিল্পী । বাতৰি সংগ্ৰহ কৰা সময়লৈকে কোনো ধৰণৰ সন্ধান ওলোৱা নাই যুৱকজনৰ ।