মৰাণ, ১ ছেপ্টেম্বৰ:বহিঃৰাজ্যত কৰ্মসংস্থাপনৰ বাবে গৈ অসমৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী সন্ধানহীন হোৱাৰ লগতে মৃত্যুক আঁকোৱালি লোৱা ঘটনাই সচেতন ৰাইজক চিন্তিত কৰিছে । বহিঃ ৰাজ্যত কৰ্মসংস্থাপনৰ গৈ ৰহস্যজনকভাৱে সন্ধানহীন হোৱাৰ ঘটনাবোৰ দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ মাজতে আন এক দুখৰ খবৰ আহিল ডিব্ৰুগড় জিলাৰ টিংখাঙলৈ । কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ গৈ সন্ধানহীন টিংখাং ঔগুৰি কপহুৱা গাঁৱৰ জোন গগৈ (৩২) নামৰ এজন বিবাহিত যুৱক ।
কেনেকৈ সন্ধানহীন হ'ল ?
এই ঘটনা সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "জোন গগৈয়ে যোৱা ২২ আগষ্টত ঘৰৰ পৰা দিনৰ ভাগত ওলাই গৈছিল । তিনিচুকীয়াৰ কাকপথাৰ ডিৰাক চাৰিআলিৰ ভনীজোঁৱাই জিন্টু সন্দিকৈ আৰু অঞ্চলটোৰ শান্তনু হাজৰিকা নামৰ লোক দুজনৰ সৈতে ২৩ আগষ্টত তিনিচুকীয়াৰ পৰা বেংগালুৰুলৈ বুলি ৰে'লেৰে ৰাওনা হৈছিল । তেতিয়ালৈ সকলো ঠিকেই আছিল । যোৱা ২৫ আগষ্টৰ দিনা শেষবাৰৰ বাবে জোন গগৈৰ সৈতে ফোনত যোগাযোগ হয় পৰিয়ালৰ । তেওঁ ৰে'লত গৈ থাকোতে কাৰোবাৰ সৈতে কাজিয়া হোৱাৰ কথা অৱগত কৰে । কিন্তু ২৬ আগষ্টৰ দুপৰীয়া লগৰ এজনৰ সৈতে যোগাযোগ হয় যদিও জোন গগৈৰ সৈতে যোগাযোগ হোৱা নাছিল পৰিয়ালৰ ।"
যাত্ৰাপথতেই ৰহস্যজনকভাৱে সন্ধানহীন :