ডিব্ৰুগড়, ৩০ আগষ্ট : পৃথিৱীলৈ মানুহ হিচাবে আহি মানুহৰ কথাই যদি নাভাবে কেনেকৈ হ’ব ! মানুহৰ ধৰ্ম পালন কৰিবলৈ বৰ বেছি একো নালাগে, লাগে এটা ভাল মন ৷ সেই মনটোৰ অভাৱতে বহু ধনী মানুহেও যি কাম কৰিব পৰা নাই, সেই কাম কৰি আহিছে এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ীয়ে ৷
মৰাণৰ মনোজ কুমাৰ গগৈ ডাঙৰ ব্যৱসায়ী নহয় ৷ বৰ বিশেষ অভাৱ নোহোৱাকৈ নিজৰ জীৱনটো চলাই নিয়াৰ লগতে আন দহজনৰ কথাও ভাবি মানুহৰ সংজ্ঞাবাহী যুৱকজন এখন ফাষ্টফুডৰ ব্যৱসায়ী ৷ । মৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয ঘাইপথৰ কাষত মনোজ কুমাৰ গগৈৰ আছে ‘অসমীয়াগিৰি’ নামৰ এখন সৰু ফাষ্টফুডৰ দোকান ৷ কিন্তু এই দোকানখনৰ আছে এক মহান বিশেষত্ব আছে ৷ যাৰ ফলত মনোজ কুমাৰ গগৈ হৈ পৰিছে আলোচনাৰ বিষয় ৷
পেটৰ ভোক নিবাৰণৰ বাবে নগৰ-চহৰৰ মাজমজিয়াত বহু অঘৰী, মানসিক বিকাৰগ্ৰস্ত আদি লোকে সক্ষমজনৰ ওচৰত হাত পতা দেখা যায় ৷ বহুসময়ত বহুলোকে তেওঁলোকৰ প্ৰতি নেদেখুৱায় সহমৰ্মিতা ৷ আওকাণ কৰা হয় বহুলোকৰ দ্বাৰা ৷ কিন্তু মনোজ কুমাৰ গগৈ তেনে নহয়, মানৱদৰদী যুৱকজনে নিজৰ দোকানখনত বিনামূলীয়াকৈয়ে তেনে অক্ষম লোকক যোগান ধৰে খাদ্য ৷ তদুপৰি দোকানখনলৈ অহা আন বিশেষভাৱে সক্ষম লোকৰ পৰাও খাদ্যৰ বিনিময়ত মনোজ কুমাৰ গগৈয়ে নলয় টকা ৷ ইয়াৰ বাবে যুৱকজনে ফাষ্টফুডৰ দোকানখনত আঁৰি থৈছে এখন বেনাৰ- ‘‘শাৰীৰিকভাৱে অক্ষম, মানসিক বিকাৰগ্ৰস্ত আৰু অঘৰী লোকৰ বাবে খাদ্য আৰু পানী বিনামূলীয়া ৷’’
উল্লেখ্য যে নিবনুৱা যুৱক মনোজে ২০০৪ চনত আৰম্ভ কৰিছিল মৰাণৰ প্ৰথমখন ফাষ্টফুডৰ দোকান । ইয়াৰ পিছতে ২০১৫ চনত মৰাণ নগৰৰ পৰিবাণু পথৰ সমীপত স্থায়ীভাৱে আৰম্ভ কৰে ফাষ্টফুডৰ দোকানখন । প্ৰায় এটা বছৰ পূৰ্বৰ পৰা মনোজে বিশেষভাৱে সক্ষম লোকৰ বাবে বিনামূলীয়া খাদ্য আৰু পানী যোগান ধৰি আহিছে তেওঁৰ ফাষ্টফুডৰ দোকানত । মনোজ কুমাৰ গগৈয়ে জানিবলৈ দিয়া অনুসৰি সাধাৰণ গ্ৰাহকৰ দৰে প্ৰতিদিনেই বহু বিশেষভাৱে সক্ষম লোক তেওঁৰ ফাষ্টফুডলৈ আহে আৰু এটকাও নিদিয়াকৈ খাদ্য আৰু পানী খাই যায় ।