অসম

assam

ETV Bharat / state

অট্টালিকাত উঠি চোৱাৰ দুৰ্বাৰ হেঁপাহৰ বাবেই সাজি উলিয়ালে আকৰ্ষণীয় ভেলাঘৰ - UNIQE BHELAGHAR

ঘৰৰ ওচৰত অট্টালিকা নিৰ্মাণ কৰা দেখি মনত পুহি ৰাখিছিল এটি সপোন । কিন্তু হাতত নাই ধন । সেয়েহে এগৰাকী যুৱতীয়ে কৰিলে এই কামটো...

Young woman Set Up Uniqe Bhelaghar
যুৱতীয়ে সাজিলে আকৰ্ষণীয় ভেলাঘৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jan 10, 2025, 8:28 PM IST

Updated : Jan 10, 2025, 8:52 PM IST

নলবাৰী :ৰাজ্যৰ চৌপাশে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি । ভোগালীলৈ মাজত মাত্ৰ দুটা দিন বাকী । ইতিমধ্যে ৰাজ্যৰ চৌদিশে পিঠা-পনা, লাড়ু, মেজি আদি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে সকলোৱে । কুঁৱলীয়ে ঢকা চোতালৰ এচুকত থকা ঢেঁকীৰ গুমগুমনিত কঁপিছে আকাশ-বতাহ । পথাৰত নৰা কাটি মেজি আৰু ভেলাঘৰ সজাত ব্যস্ত হৈ পৰিছে ডেকা-বুঢ়া সকলোৱে ।

কিছুমান অঞ্চলত গাঁওবাসীয়ে যদি সমূহীয়াভাৱে নিৰ্মাণ কৰিছে মেজি, আন কিছুমান ঠাইত আকৌ ব্য়ক্তিগতভাৱে সাজি উলিয়াইছে মেজিৰ লগতে ভেলাঘৰ । সকলোৰে লক্ষ্য় ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰাটো । ৰাজ্য়ৰ আন ঠাইৰ লগতে নলবাৰীতো এগৰাকী যুৱতীয়ে সাজি উলিওৱা এটা অট্টালিকাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । যুৱতীগৰাকীয়ে অকলে সাজি উলিয়াইছে এটি ভেলাঘৰ ।

যুৱতীয়ে সাজিলে আকৰ্ষণীয় ভেলাঘৰ (ETV Bharat Assam)

ভোগালীৰ দিনা এসাজ খোৱাৰ প্ৰয়াসেৰে যুৱতীগৰাকীয়ে অকলে সাজি উলিয়াইছে ভেলাঘৰটো । আনুষ্ঠানিক শিক্ষা নাথাকিলেও নিজৰ প্ৰতিভা বিকাশত সফল হৈছে এইগৰাকী যুৱতী । যুৱতীগৰাকীৰ নাম হৰ্ষিতা দেৱী । আৰ্থিকভাৱে দুৰ্বল হৰ্ষিতা দেৱীয়ে প্ৰাথমিক পৰ্যায়তে এৰিছিল আনুষ্ঠানিক শিক্ষা । কিন্তু আনুষ্ঠানিক শিক্ষা নাথাকিলেও হৰ্ষিতাৰ আছে বহু প্ৰতিভা ।

নিজে পথাৰত কাটিলে নৰা :

তেওঁলোকৰ ওচৰত এটা পৰিয়ালে নিৰ্মাণ কৰি আছিল এটি অট্টালিকা । সেয়েহে এনে অট্টালিকাত উঠি চোৱাৰ দুৰ্বাৰ হেঁপাহ হৰ্ষিতাৰ । কিন্ত কি কৰিব পৰিয়ালটো আৰ্থিকভাৱে নহয় স্বচ্ছল । সেয়েহে মনৰ হেঁপাহ পলুৱাবলৈ ভোগালীতেই সুযোগ ল'লে হৰ্ষিতাই । নিজে পথাৰৰ পৰা নৰা কাটি আনি বাঁহ, খেৰ, নৰাৰে সাজি উলিয়ালে এই দুমহলীয়া অট্টালিকাটো । ভেলাঘৰটো দেখাত সৰু যদিও হৰ্ষিতাৰ মনৰ সমস্ত হেপাঁহ জড়িত হৈ আছে এই ঘৰটোত ।

উল্লেখ্য় যে নলবাৰী জিলাৰ বৰমুৰিকোনাৰ পাগলাদিয়াৰ মথাউৰিৰ ওচৰতে ঘৰ হৰ্ষিতাৰ । ঘৰৰ ওচৰতে তেওঁলোকৰ পদূলিত নিৰ্মাণ কৰিছে এই আকৰ্ষণীয় ভেলাঘৰটো । বৰমুৰিকনাৰ ৰণেন্দ্ৰ নাথ শৰ্মাৰ একমাত্ৰ কন্যা হৰ্ষিতাই প্ৰতিবছৰে নিজে একোটাকৈ ভেলাঘৰ সাজি উপভোগ কৰি আহিছে ভোগৰ উৎসৱ ভোগালীৰ আনন্দ । যোৱা বছৰ চাং ঘৰৰ আৰ্হিত নিৰ্মাণ কৰিছিল এটি ভেলাঘৰ । এইবাৰ দুমহলীয়া অট্টালিকা সাজি উলিওৱাৰ পিচত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে হৰ্ষিতাৰ ঘৰটো । বহুতো লোকে আহি ফটো উঠি সামাজিক মাধ্য়মত আপলোড কৰিছে হৰ্ষিতাৰ মেজিটো ।

কাৰো পৰা লোৱা নাই সহায় :

এই প্ৰসংগত হৰ্ষিতাই কয়, "যোৱা বছৰ নিৰ্মাণ কৰিছিলো এটি চাংঘৰ । এইবাৰ প্ৰথমতে এখন নাও সাজিম বুলি ভাবিছিলো, কিন্তু দেউতাই মোক সেয়া মাঘ বিহুৰ সংস্কৃতি নহয় বুলি কোৱাত এটি দুমহলীয়া অট্টালিকা নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লঁও । নৰা, বাঁহ আদি সকলো ময়েই কাটিছো । কাৰো পৰা সহায় লোৱা নাই ।"

লগতে পঢ়ক:ভোগালীৰ আগমন, ঢেঁকীৰ চেৱত কঁপিছে ধেমাজি - PREPARATION FOR BHOGALI BIHU

ভোগালী পালেহিয়েই, আগে-ভাগে চুঙাপিঠাৰ জুতি ল'লে শিক্ষাৰ্থীয়ে - CHUNGA PITHA

Last Updated : Jan 10, 2025, 8:52 PM IST

ABOUT THE AUTHOR

...view details